বিলাসীপাৰাঃ আগন্তুক গণৰাজ্য দিৱসৰ মাজত এটা দিন বাকী থকা অৱস্থাত বিলাসীপাৰাত কটকটীয়া নিৰাপত্তাৰে ৰাজহুৱা খেলপথাৰত গণৰাজ্য দিৱস উদযাপন উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। 

উক্ত কাৰ্যসূচী অনুসৰি বিলাসীপাৰাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণৰাজ্য দিৱস উদযাপন উপলক্ষে স্কাউট-গাইডৰ কুচকাৱাজ ইত্যাদিৰ অভ্যাস অনুশীলন কৰা পৰিলক্ষিত হৈছে। 

শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন বিলাসীপাৰাৰ ছাত্ৰৰ এটা গোটৰদ্বাৰা পৰিৱেশন কৰা ঘোষাবাদ্যই সকলোৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যযোগ্য ঘটনা এয়া যে সমূহ ছাত্ৰ-ছাত্ৰী স্কুলত শিক্ষাগ্ৰহণ কৰাৰ পাছত ভাগৰি নপৰি আকৌ এই কাৰ্যসূচীত উপস্থিত হৈ অনুশীলন কৰাটোৱে তেওঁলোকৰ উছাহকে প্ৰতিফলিত কৰিছে।