বিলাসীপাৰাঃ সমাজত একাংশ চিকিৎসকে অকল চিকিৎসাৰ মনোভাৱেৰে কাৰ্য সম্পাদন কৰে। সমাজৰ হকে সেৱা আগবঢ়াবলৈ হেপাঁহ জগা ব্যক্তিৰ অভাৱ পৰিলক্ষিত হৈছে যদিও এই ক্ষেত্ৰত ডাঃ কানুলাল দাস দেৱে গ্ৰহণ কৰিলে এক অন্যতম পদক্ষেপ।

প্ৰাপ্ত বাতৰি মতে, ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সময়ে সময়ে সামৰ্থ অনুযায়ী বিভিন্ন সহায়ৰ হাত আগবঢ়াই আহিছে সেয়া চহৰখনৰ অধিকাংশ ব্যক্তিয়ে অৱগত। আজি বিলাসীপাৰা চহৰৰ ৮ নং ৱাৰ্ডৰ ভৈৰৱগঞ্জত অৱস্থিত ব্যোম কেশ স্মৃতি কণমইনা জাতীয় বিদ্যালয়ত পানী যোগান ব্যৱস্থা আৰু হাত ধোৱা বেচিনৰ ব্যবস্থা সম্পূৰ্ণ নিজ ব্যয়েৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ডাঃ কানুলাল দাস দেৱে। 

উক্ত কাৰ্যসুচীত উপস্থিত থাকে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সমূহ সদস্য আৰু বিভিন্ন সমাজ সেৱক সকল। বহু দিন ধৰি উক্ত বিদ্যালয় খন অসুবিধা পাই আহিছিল পানী যোগান ব্যৱস্থাৰপৰা। আজি এই সমস্যা চিৰদিনৰ বাবে অন্ত পেলালে এজন সু চিকিৎসক তথা বিশিষ্ট সমাজ সেৱক ডাঃ কানুলাল দাস। তেখেতে প্ৰদান কৰা উক্ত কাৰ্য্যক সচেতন মহলৰ লগতে সমূহ গাঁৱবাসীয়ে  প্ৰশংসা কৰিছে।