♦ মায়াৰ চৰ গাঁও পঞ্চায়তৰ গাঁও সভা

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰ চৰ গাঁও পঞ্চায়তৰ বৃহস্পতিবাৰে বিয়লি ২ বজাত ঠাকুৰ আলগা বজাৰ প্ৰাংগণত এখন গাঁও সভা অনুষ্ঠিত হয়।

উক্ত সভাত সভাত সভাপতিত্ব কৰে মায়াৰ চৰ গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি আয়নাল হকে। সভাত আমাৰ গাঁও আমাৰ আঁচনি সম্পৰ্কে মায়াৰ চৰ গাঁও পঞ্চায়তৰ সম্পাদক তথা সচিব নুৰ আলী আহমেদে বিস্তাৰিতভাৱে আলোচনা কৰে।

আমাৰ গাঁও আমাৰ আঁচনি উপলক্ষে এম জি এনৰেগা আঁচনিৰ কাম পঞ্চায়ত প্ৰতিনিধিৰ লগতে পঞ্চায়তবাসী ৰাইজে আবেদন কৰে। উক্ত গাঁও  সভাত মায়াৰ চৰ গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত কাউন্সিলাৰ হাচিনা খাতুনৰ লগতে নৱ-নিৰ্বাচিত পঞ্চায়তসদস্য-সদস্যা আৰু পাঁচ শতাধিক ৰাইজে উপস্থিত থাকে।