12
Nov
2018

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ চাপৰৰ ৰৌমাৰীস্থিত কোৱালিফাইড এনাৰ্জী ষ্টেচনত পুৱাই লাগিল হাহাকাৰ। একাংশ ক্ষুব্ধ ৰাইজে সোমবাৰে পুৱা বন্ধ কৰিলে পেট্ৰ’ল-ডিজেলৰ বিক্ৰী।
অভিযোগ মতে, এই পেট্ৰ’ল ডিপোটোত দীৰ্ঘ দিনৰপৰা চলাই আহিছে পেট্ৰ’ল-ডিজেলৰ ভেজালকৰণ৷ ডিপোটোৰপৰা কেৰাচিন তেল মিহলি ইন্ধন ভৰাই বহুতো বাহন বিকল হোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ।
সোমবাৰে পুৱা ট্ৰেক্টৰ এখনত ডিজেল ভৰাবলৈ আহি গ্ৰাহকে ধৰা পেলালে কেৰাচিন তেল মিহলি কৰাৰ কাৰ্য। ইয়াৰ পাছতে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশ। অতি শীঘ্ৰে তদন্ত কৰি পেট্ৰ’ল ডিপোটো বন্ধ কৰিব লাগে বুলি ৰাইজৰ দাবী কৰিছে৷