17
May
2019

জহিৰুল ইচলাম, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অধীনত থকা ৫৫, ১৩৫ আৰু ১৩৬ নন্বৰ বাঘমাৰী আদিকে ধৰি অধিকাংশ অংগনাৱাড়ী কেন্দ্ৰ জৰাজীৰ্ণ ৰূপত থিয় হৈ আছে৷
কেন্দ্ৰসমূহৰ গৃহৰ চালত নাই টিনপাত, গৃহৰ ভিতৰত গছ-গছনি আৰু জংঘলৰে ভৰি পৰিছে। উল্লেখ্য যে একো কাণসাৰ নাই সমাজ কল্যাণ মন্ত্ৰীৰ।
মন কৰিবলগীয়া যে কণ কণ শিশুৰ ভৱিষ্যত জীৱনক লৈ হেতালি কৰা সমাজ কল্যাণ মন্ত্ৰীৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে কেন্দ্ৰসমূহৰ কৰ্মীদ্বয়ে।