বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা শিক্ষাখণ্ডৰ অন্তৰ্গত বৰকান্দা পিপ'লছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সহঃশিক্ষকে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

কিন্তু দুৰ্নীতিৰ ঘটনাত জড়িত থকা শিক্ষক কেইজনে হঠাৎ নিজৰ হাতত আইন তুলি লৈ প্ৰহাৰ কৰে একেখন বিদ্যালয়ত কৰ্মৰত শিক্ষক ইক্ৰাম আলী মোল্লাক।

জানিব পৰা মতে, উক্ত বিদ্যালয়খনত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সময়ে সময়ে প্ৰতিবাদ কৰি আহিছিল সহঃশিক্ষক ইক্ৰাম আলী মোল্লাই। 

যোৱা ৪ জানুৱাৰীত সতীৰ্থৰ দুৰ্নীতিৰ প্ৰতিবাদ কৰাৰ লগে লগে তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল শিক্ষককেইজনে। নাকেৰে তেজ ওলোৱাই মাটিত ঢলি পৰিছিল শিক্ষক মোল্লা। 

চিকিৎসাধীন অৱস্থাৰপৰা মুক্ত হৈ নয়াহাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে ১৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে যদিও অপৰাধীসকলৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে৷ এতিয়া ভুক্তভোগী শিক্ষকগৰাকীক চলাই আছে নিৰ্যাতন। 

শিক্ষক ইক্ৰাম আলি মোল্লাই ন্যায় বিচাৰি শিক্ষা বিভাগৰ একাংশ বিষয়ববীয়াক লিখিতভাৱে আৰু মৌখিকভাৱে জনাইছে যদিও ঘটনাৰ সঠিক বিচাৰ হোৱা নাই।

সেয়ে তেওঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে বিভাগৰ বিষয়া আৰু ৰাইজৰ ওচৰত ন্যায় বিচাৰি কাতৰ প্ৰাৰ্থনা জনাইছে৷