শোণিতপুৰঃ পৃথিৱীৰ ৰং বুজি নোপোৱা এগৰাকী কিশোৰী৷ তাইৰ এতিয়া স্কুলত যোৱাৰ সময়৷ মুকলি মনেৰে ঘুৰা-ফুৰা কৰি মুক্ত বিহংগিনী হোৱাৰ সময় আছিল৷ কিন্তু বিধিৰ বিপাক৷ তাই এতিয়া মাতৃ৷ এগৰাকী ১৪ বছৰীয়া কিশোৰী৷ চিকিৎসালয়ৰ বিছনাত বহি কোলাত এটি কেচুৱালৈ আছে৷ কিশোৰীগৰাকীয়ে কোলাত লৈ থকা কেচুৱাটো ১১ ছেপ্তেম্বৰত জন্ম দিয়ে৷

তেওৰ সন্তানটো পুত্ৰ সন্তান। কিন্তু সন্তান জন্ম দি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম মহলাৰ গাইনী অবচটেটিক ৱাৰ্ডৰ ২৮ নং বিচনাখনে এতিয়া তাইৰ স্থায়ী ঠিকনা হৈ পৰিল। কিয়নো দুইমাহ পাৰ হৈ যোৱাৰ পিছতো কিশোৰীগৰাকীৰ স্বামী তথা স্বামীগৃহৰ কোনো এগৰাকী ব্যক্তিয়েই এই পৰ্যন্ত কিশোৰীগৰাকী কি পৰিস্থিতিত আৰু কেনেকৈ চিকিৎসালয়ত আছে সেয়া জনাৰ নূন্যতম মানৱতা কণো নেদেখুৱালে।

আনহাতে দুই-এজন ব্যক্তিয়ে কেতিয়াবা দয়া-মৰম ওপজি আগবঢ়োৱা খাদ্যবস্তু অথবা ফটা-চিটা কাপোৰখনেৰেই তাই মানসিক নিসংগতাৰে চিকিৎসালৰ বিচনাত পাৰ কৰিবলগীয়া হৈছে এক অবৰ্ণনীয় জীৱন। অত্যন্ত হৃদয়বিদাৰক বীনা বৰ্মন নামৰ এইগৰাকী কিশোৰীৰ জীৱনৰ কৰুণ কাহিনী।

ঠেলামৰা আৰক্ষীয়ে জনোৱা মতে, ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঔবাৰী গাঁৱৰ ৰাজু বৰ্মন নামৰ যুৱকজনে বীনাক বিয়া কৰাইছিল আৰু কিশোৰীগৰাকী অন্তঃসত্বা হোৱাত প্ৰসৱকালীন সমস্যাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত গাঁৱৰ আশাকৰ্মী গৰাকীৰ সহায়ত ভৰ্তি কৰায়। কিন্তু আশ্বৰ্যজনকভাৱে স্বামী ৰাজু বৰ্মনে কিশোৰী পত্নীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায়েই অন্তৰ্ধান হয়।

চিকিতসালয় কৰ্তৃপক্ষইও বীনাৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰিব বিচৰাত কোনো ব্যক্তিৰেই সম্ভেদ নাপালে। আনহাতে পুষ্টিহীনতাত ভূগি থকা কিশোৰীগৰাকী মাথোঁ কংকালসাৰ শৰীৰটো লৈ কোনোমতে উশাহ-নিশাহ লৈ জীয়াই আছে। শৌচ-প্ৰস্ৰাৱ কৰিবলৈ বাথৰূমলৈ খোজকাঢ়ি যাব নোৱৰা কিশোৰীগৰাকীক কেতিয়াবা নাৰ্চ আৰু আন ৰোগীৰ লগত থকা কোনো মহিলাই লৈ যায় অন্যথা কেতিয়াবা দেৱালত ধৰি ধৰিয়েই যাব লগা হয় বাথৰূমলৈ।

সন্তানটি স্বাভাৱিকভাৱেই প্ৰসৱ হয় যদিও প্ৰসৱৰ পিছত পাব লগা পৰিচৰ্যাখিনি নোপোৱা আৰু পুষ্টিকৰ খাদ্যৰ অভাৱৰ বাবেই বীনাৰ শৰীৰত হিম’গ্ল’বিনৰ পৰিমাণ কমি গৈছে। উল্লেখযোগ্য যে বিহগুৰিৰ হোৱাটছএপ গ্ৰুপ ‘’সহায়ৰ হাত’’ৰ জৰিয়তে বিভিন্ন কল্যাণমূলক কাম-কাজ কৰি অহা ফাৰহান জাৱেদ, ভাস্কৰ পটংগীয়া, জ্যোতিৰঞ্জন বড়ো, দ্বীপজ্যোতি বৰা, দেৱাশীষ দেৱ নাথ, নয়ন বসুমতাৰী, ইমদাদুল শইকীয়া, ৰাতুল শইকীয়া আৰু উত্তৰ অসম দিব্যাংগ সন্থা বিহগুৰি আঞ্চলিক সমিতিৰ সম্পাদক পৌৰব নাথ সমন্বিতে কেইবাজনো হৃদয়বান যুৱকে কিশোৰীগৰাকীক সাক্ষাত কৰে।

স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ফল-মূল আৰু পুষ্টিকৰ খাদ্য, চাবোন-তেল, কলগেট-ব্ৰাছ, ঠাণ্ডাৰ বাবে কম্বল, সন্তানটিৰ বাবে গৰম চোলা-পেণ্ট, বেবী ক্ৰীম-তেল-চাবোনৰ যোগান ধৰাৰ লগতে ৰক্তদান কৰাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে চিকিৎসালয়ত থকাৰ সময়লৈকে সহায়ৰ হাতৰ সদস্যই প্ৰতিদিনে স্বাস্থ্য আৰু প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰাৰ লগতে পুনৰ সংস্থাপনৰ বাবে চিকিৎসালয়ৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ কলিতা, উপ-অধীক্ষক ফনীধৰ শৰ্মা, ডাঃ জাহানাৰা বেগমৰ সৈতে এক আলোচনাত মিলিত হয়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যদিহে ৰাজু বৰ্মন কিশোৰীগৰাকীৰ স্বামী হয় তেন্তে কিশোৰীগৰাকীক কিয় জীৱন-মৃত্যুৰ দুৱাৰডলিত এৰি দি আত্মগোপন কৰি আছে?

আন একাংশই অভিযোগ কৰা মতে, কিশোৰীগৰাকীৰ সৈতে ৰাজু বৰ্মনৰ দীৰ্ঘদিনীয়া অবৈধ সম্পৰ্ক আছিল। যাৰ পৰিণতিত কিশোৰীগৰাকী অন্তঃসত্বা হয়। কিশোৰীগৰাকী দুইমাহ ধৰি চিকিতসালয়ত ভৰ্তি হৈ থকাৰ পিছতো গাঁও অথবা কোনো সম্বন্ধীয় ব্যক্তিয়েই এই পৰ্যন্ত কোনো যোগাযোগ নকৰাতো দুখৰ বিষয়। জানিব পৰা মতে, স্বামী অথবা শহুৰ পৰিয়ালৰ কোনো ব্যক্তিয়ে বীনাৰ খবৰ নোলোৱা বা মৃত্যুলৈ ঠেলি দি হৃদয়হীনতাৰ পৰিচয় দিয়াৰ দৰে হৃদয়বিদাৰক ঘটনা ঘটি যোৱাৰ পিছতো অভিযুক্ত স্বামীৰ বিৰুদ্ধে কোনোৱেই আৰক্ষীক এজাহাৰ দাখিল নকৰাৰ ফলত আৰক্ষীয়েও কোনো ব্যৱস্থা লব পৰা নাই বুলি আৰক্ষী বিষয়াই প্ৰতিবেদকৰ আগত জানিব দিয়ে।