
নাওকাটাঃ জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক৷ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই হাৰ নমনা যুৱকজনে ৮ জনীয়া পৰিয়াল পোহপাল দি আহিছে৷ মনত দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা যে বাধা হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱাইছে বাক্সা জিলাৰ সুৱাগপুৰৰ যুৱক বিনোদ বিশ্বকৰ্মাই।
অঞ্চলটোৰ অতি দৰিদ্র খৰ্গ বাহাদুৰ বিশ্বকৰ্মাৰ পুত্ৰ বিনোদে এখন ভৰি নোহোৱা সত্বেও জীৱন-যুদ্ধত হাৰ মানিব নিবিচাৰি এখন জুৱেলাৰীত কাম কৰি নিজৰ লগতে পৰিয়ালৰ পোহপাল দি সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
বিগত ২০১১ চনত পৰিয়াল পোহপাল দিয়াৰ তাড়নাত গুৱাহাটীৰ এটি কোম্পানীত ট্ৰাকৰ হেণ্ডিমেন হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে গুৱাহাটীৰ মিৰ্জাত সংঘটিত এক দুৰ্ঘটনাত নিজৰ জীৱন কোনোমতে বচাবলৈ সক্ষম হ’লেও বিনোদৰ বাঁওভৰিখন আঠুৰ তলৰ পৰাই কাটি পেলাব লগা হয়।
কিন্তু তাৰ পিছতো নিজৰ আত্মবিশ্বাস অটুট ৰাখিবলৈ সক্ষম হোৱা বিনোদে এখন ভৰি নোহোৱা সত্বেও প্ৰথমে এখন পাণ দোকান দি পৰিয়াল চলোৱাৰ প্ৰচেষ্টাত ব্ৰতী হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মোমায়েক মাণিক বিশ্বকৰ্মাৰ জুৱেলাৰীত কাম কৰিবলৈ আৰম্ভ কৰে।
সম্প্ৰতি তেঁও স্বত্বাধিকাৰী মাণিক বিশ্বকৰ্মাৰ অনুপস্থিতিত দোকানখন সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সক্ষম হোৱাৰ লগতে ৮ জনীয়া পৰিয়াল চলাই আহিছে।
এই প্ৰতিবেদকৰ আগত বিনোদে নিজৰ মনৰ কথা ব্যক্ত কৰি ঘটিব নলগীয়া ঘটনা ঘটিলেও মানুহে হাৰ মনা উচিত নহয় বুলি মন্তব্য কৰে। আত্মবিশ্বাস আৰু নিজৰ ওপৰত বিশ্বাস থাকিলে মানুহে জীৱন-যুদ্ধত হাৰ মনা উচিত নহয় বুলি উল্লেখ কৰে। সচাঁকৈয়ে শাৰীৰিকভাৱে সক্ষম লোকৰ বাবে বিনোদ এক আদৰ্শ আৰু প্ৰশংসাৰ পাত্ৰ। বিনোদৰ প্ৰচেষ্টা সফল হৈ ৰওঁক চিৰদিন।