
নলবাৰীঃ সমগ্ৰ ৰাজ্য খনৰে গৌৰৱ আদৰ্শ কৃষক বিপুল হালৈক মঙলবাৰে নলবাৰী জিলা প্ৰশাসনে সম্বৰ্ধনা জনায়৷ মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানৰ জড়িয়তে আদৰ্শ কৃষক বিপুল হালৈক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বিশেষ বঁটা উপায়ুক্তই প্ৰদান কৰাৰ লগতে এই বঁটা লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আদৰণী জনায়৷
নলবাৰী জিলাৰ বালিতাৰ নিৱাসী অাদৰ্শ কূষক বিপুল হালৈক নলবাৰী জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ বেষ্ট কমিনিটি এৱাৰ্ড,২০১৭ প্ৰদান কৰে। সভাখনত জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত গৌৰিশংকৰ ভট্টাচাৰ্য্য, সঞ্জীৱ বৰা, ৰাজহ চক্ৰ বিষয়া জিতু বৰ্মন, জিলা জনসংযোগ বিষয়া চুম্পী চুতিয়া, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, জিলা স্বাস্থ্য বিষয়া চিওৰঞ্জন পাঠক সহ ভালেকেইজন লোক উপস্থিত থাকে।