
চৰাইদেউঃ ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহক লৈ একাংশ জাতীয় সংগঠনে নীৰৱতা অৱলম্বন কৰা বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে এটা জাতীয় সংগঠনৰ ভিতৰচ'ৰাক ধুমুহাই জোকাৰি যোৱাৰ কথা পোহৰলৈ আহিছে। এই সংগঠনটো হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ কুমাৰ তালুকদাৰক যোৱা ১৯ জুলাইত কাজিৰঙাৰ কনভেনচন হ'লত অনুষ্ঠিত পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভাই পৰিষদৰ সকলো বিষয়-বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা আজীৱন অব্যাহতি দিয়ে।
কনভেনচন হ'লত পৰিষদৰ সৰ্বোচ্চ পৰামৰ্শদাতা উপদেষ্টা পৰিষদৰ উপস্থিতিত উপ-সভাপতি ৰঞ্জন উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আজি এক বিবৃতি যোগে পৰিষদৰ মুখ্য উপদেষ্টা পুতুল দত্ত, ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এই কথা সদৰী কৰে।
বিগত সময়ছোৱাত বিৰাজ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে অসমীয়া যুৱকক প্ৰৱঞ্চনা কৰি মোবাইল কোম্পানীৰ পৰা অনৈতিক ভাৱে উৎকোচ লোৱা, দুলীয়াজান অইলত চাকৰি দিয়াৰ নামত চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা আৰু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বেংক একাউন্টৰ পৰা অকৃৰ্ত্তশীল ভাবে ধন উলিয়াই নিয়া আদি অভিযোগ উত্থাপন হোৱাত পৰিষদৰ সৰ্বস্তৰত ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল বুলি বিবৃতিটোত উল্লেখ কৰে।
অৱশেষত যোৱা ১৮ জুনত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় উপদেষ্টা পৰিষদৰ সমূহ উপদেষ্টা মণ্ডলী, পৰিষদৰ ২৮ খন জিলা সমিতিৰ প্ৰতিনিধি, ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়-ববীয়াৰ উপস্থিতিত অনুষ্ঠিত বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভাত বিৰাজ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহকলৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বুলি কয় বিবৃতি যোগে।
এই সভাতে বিৰাজ তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহ তদন্ত কৰিবলৈ সৰ্বসন্মতিক্ৰমে উপদেষ্টা পৰিষদৰ উপদেষ্টা মণ্ডলীৰ দ্বাৰা এখন তদন্ত সমিতি গঠন কৰা হয় আৰু তদন্ত কাৰ্য্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বিৰাজ কুমাৰ তালুকদাৰক বাধ্যতামূলক তিনিমাহৰ বাবে অব্যাহতি দিয়া হয়।
পৰৱৰ্তী সময়ত তদন্ত সমিতিয়ে বিৰাজ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ পুংখানুপুংখ ভাৱে তদন্ত কৰি অৱশেষত এক প্ৰতিবেদন প্ৰস্তুত কৰে। প্ৰতিবেদনত বিৰাজ তালুকদাৰে দুলীয়াজান অইলত চাকৰি দিয়াৰ নামত কেইবাজনো প্ৰাৰ্থীৰ পৰা টকা লোৱাৰ বিষয়টো প্ৰমাণিত হয় আৰু ইয়াৰে ৰেব বৰুৱা নামৰ প্ৰাৰ্থীজনৰ পৰা চাৰি (৪) লাখ টকা আদায় লৈ চাকৰি দিব নোৱাৰি মৰাণৰ এই যুৱকজনক পিছত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিলপুখুৰীস্থিত চেন্ট্ৰেল বেংকৰ একাউন্টৰ পৰা অকৰ্তৃত্বশীল ভাৱে আৰ টি জি এছ কৰি চাৰি লাখ টকা ঘূৰাই দিয়ে।
একাউন্টৰ পৰা ধেমাজিৰ বিপুল চাংমাই নামৰ যুৱকজনকো ডেৰলাখ টকা আদায় দিয়ে। এনেদৰে বিৰাজ তালুকদাৰে চাকৰি দিয়াৰ প্ৰলোভনেৰে প্ৰাৰ্থীৰ পৰা টকা লৈ চাকৰি দিব নোৱাৰি পিছত চাকৰিৰ বঞ্চিত প্ৰাৰ্থীৰ হেঁচাত টকা ঘূৰাই দিবলৈ গৈ পৰিষদৰ একাউন্টৰ টকা ব্যৱহাৰ কৰাটো স্পষ্ট ভাবে প্ৰমাণিত হয়। আনহাতে অসমীয়া যুৱকক প্ৰৱঞ্চনা কৰি অনৈতিক ভাবে মোবাইল কোম্পানীৰ পৰাও টকা উৎকোচ লোৱাটো তদন্ত সমিতিয়ে গ্ৰহণ কৰা সাক্ষ্য প্ৰমাণত স্পষ্ট হয়।
তদন্ত সমিতিয়ে তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ তথ্য, সাক্ষ্য প্ৰমাণসহ তদন্ত কৰি বিহিত ব্যৱস্থাৰ হকে ১৯ জুলাইৰ কাৰ্য্যনিৰ্বাহক সভাত প্ৰতিবেদন দাখিল কৰে। কাৰ্য্যনিৰ্বাহক সভাই বিৰাজ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰতিপন্ন হোৱা আৰু তালুকদাৰে পৰিষদৰ পবিত্র সংবিধানৰ চৰম অৱমাননা কৰা, সংগঠনৰ শৃংখলা ভংগ কৰা আৰু জনমানসত সংগঠনৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগত অভিযুক্ত কৰি দৃষ্টান্ত মূলক শাস্তি দি তালুকদাৰক সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উপদেষ্টা পৰিষদৰ পৰামৰ্শ মতে তালুকদাৰক বহিস্কাৰৰ সলনি আজীৱন অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে সভাত সৰ্বসন্মতিক্ৰমে বিৰাজ তালুকদাৰে পৰিষদৰ একাউন্টৰ পৰা অকৰ্তৃত্বশীলভাৱে ব্যক্তিগত কামত ব্যৱহাৰ কৰা মুঠ ৭,৫০,০০০ (সাত লাখ পঞ্চাশ হাজাৰ) টকা অহা ৩১ জুলাইৰ ভিতৰত ঘূৰাই দিয়াৰ বাবে জাননী প্ৰেৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। নিৰ্দ্ধাৰিত সময়ত টকা আদায় নিদিলে তালুকদাৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে সভাই ভাৰপ্ৰাপ্ত সভাপতি আৰু সাধাৰণ সম্পাদকক কৰ্তৃত্ব প্ৰদান কৰে।