শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰৰ ৰংপুৰত ১৯৪৫ চনতে স্থাপন হোৱা সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ে এই বেলি ৭৩ বছৰত ভৰি দিলে৷ যাৰ বাবে মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে৷ তিনিকুৰী এঘাৰ বছৰ অতিক্ৰম কৰা সংগীত মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৫ জুলাইত শিৱসাগৰ নাট্য মন্দিৰ প্ৰাংগনত পালন কৰিব৷

মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে গীত, নৃত্যৰ বাৰেৰহনীয়া অনুষ্ঠান পৰিৱেশন কৰিব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতী বৰুৱাই প্ৰকাশ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে মহাবিদ্যালয় খনে ১১-১৬ জুলাইলৈকে ভোৰতাল আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰিছে।  ভোৰতাল আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালাত অংশ লোৱা প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষক শিল্পী বেদান্ত বিকাশ দত্ত আৰু চন্দন ছাঁয়াৰোৱেও নৃত্য পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে৷