29
Sep
2017

নাৰায়ণপুৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পশ্চিম নাৰায়ণপুৰ আঞ্চলিক শাখাই অহা ৩০ চেপ্তেম্বৰ আৰু ১ অক্টোবৰত দুদীনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব শিশু, যুৱ, আই মাতৃ সমাৰোহ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৬৯ তম আবিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি গুৰুচৰণ প্ৰাথমিক শাখাৰ সহযোগত গুৰুচৰণ নামঘৰত তথা তাঁতিবাহা ৰেল ষ্টেছনৰ সমীপত সমাৰোহখন অনুষ্ঠিত হ’ব।
শিশু, যুৱক-যুৱতী আৰু আইমাতৃসকলৰ মাজত সাহিত্য আৰু সংস্কৃতিমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে৷