শিৱসাগৰঃ অাজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকা জন্মদিন। দেশ তথা ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে গৌৰীসাগৰতো অাজি বিশ্ব বিশ্ৰুত শিল্পীগৰাকীৰ জন্মদিন পালন কৰা হয়। জনপ্ৰিয় সংগীতশিল্পী মনোজ বড়াৰ নেতৃত্বত অাৰু গৌৰীসাগৰৰ ৩৮৪ নং মিতং নকটানি প্ৰাথমিক বিদ্যালয়, ৬৪ নং মাহৰা প্ৰাথমিক বিদ্যালয় অাৰু ১০৩ নং শিলিখাগুৰি প্ৰাথমিক বিদ্যালয়ৰ বিশেষ সহযোগত অাজি গৌৰীসাগৰৰ মাটিয়াবাট তিনিঅালিত সুধাকণ্ঠৰ জন্মদিনটো পালন কৰা হয়৷

কাৰ্য্যসুচী অনুসৰি পূৱা ৮ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধা নিবেদন কৰে দিপালী ভৰালী, দেৱপ্ৰসাদ, অনিমা দত্ত অাৰু অামগুৰি শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সহায়ক মানস বড়াই। তাৰ পাছতেই স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ড° ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক কালজয়ী গীতটো পৰিৱেশনেৰে মঞ্চ মুকলি কৰে।

ইয়াৰ পিছতেই অনুষ্ঠিত হয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। মনোজ বড়াই অাঁতধৰা অনুষ্ঠানটোত বিয়লি অনুষ্ঠিত হয় মুকলি সভা অাৰু বঁটা বিতৰণী অনুষ্ঠান। বিশিষ্ঠ সমাজকৰ্মী অহিন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট শিক্ষাবিদ ৰবীন বড়া, দৈনিক জনমভূমি কাকতত সাংবাদিক অৰুণ হাজৰিকা, শিৱসাগৰৰ যুৱনাট্যশিল্পী তথা সাংবাদিক প্ৰান্তিক শৰ্মা, যুৱসাহিত্যিক ঋতুপ্ৰিয়ম শইকীয়া, যুৱনেতা জগদীশ চন্দ্ৰ দাস, বিশিষ্ট ব্যৱসায়ী ৰত্নেশ্বৰ বৰা, ৰঞ্জিত বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

সন্ধিয়াৰ মুকলি সভাত সীমান্ত অাৰান্ধাৰা অাৰু বৃষ্টিৰাণী শইকীয়াই গীত পৰিৱেশন কৰে। এই অনুষ্ঠানত অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱা উপস্থিত হৈ সুধাকণ্ঠৰ জীৱনৰ ওপৰত বহু কথাই অালোকপাত কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম বৰাই গীত পৰিৱেশন কৰি উপস্থিত থকা সকলক অাপ্লুত কৰে। সভাৰ শেষত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগিসকলক মানপত্ৰ, উপহাৰ অাৰু নগদ ধনৰে পুৰস্কৃত কৰা হয়।