চৰাইদেউঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ আজি ৬৭ সংখ্যক জন্মদিন। চৰাইদেউৰ সোনাৰিৰ বৰাহী চাহ বাগিচাৰ শ্রমিকে আজি পুৱাই কেক কাটি প্রধানমন্ত্ৰীৰ জন্মদিন পালন কৰে।

কেক কটাৰ লগতে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বাগিচাখনৰ বাট-পথৰ লগতে বিদ্যালয়, চিকিৎসালয় আদিত চাফাই অভিযান চলাই শ্ৰমিকসকলে। বাগিচাখনৰ সকলো পুৰুষ মহিলা একত্ৰিত হৈ চাফাই অভিযান অংশ গ্রহণ কৰা দেখা যায়।