
তেজপুৰ টাউনঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিনত শিল্পী সমাজ-অসমৰ উদ্যোগত তথা নূপুৰ নৃত্যাংগনাৰ সহযোগত তেজপুৰৰ কলেজিয়েত খেলপথাৰত অসম-শিল্পী সমাৰোহ ২০১৭ উদযাপন কৰা হয়। তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত উক্ত সমাৰোহ খনৰ আজি প্ৰথমটো দিন।
আজি পুৱা ৮ বজাত শিল্পী সমাজ অসমৰ সভাপতি গুণ মহন্তই পতাকা উত্তোলন কৰে।পুৱা ৮-৩০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ন কৰি বন্তি প্ৰজ্জ্বলন কৰে। মাল্যাপৰ্ন কৰে সংগীত শিল্পী পংকজ বৰদলৈয়ে। ৯-৩০ বজাত সমূহ জনগণৰ কণ্ঠৰে ড০ ভূপেন হাজৰিকা কালজয়ী গীত "মানুহে মানুহৰ বাবে.."পৰিবেশন কৰা হয়।
সন্ধিয়া ৬ বজাৰ পৰা অয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানখনৰ উদ্ধোধন কৰে বিশিষ্ট সমজকৰ্মী ৰীতা গোহাঁয়ে। উক্ত সাংস্কৃতিক অনুষ্ঠানত নগাঁও, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও, হোজাই, গোলাঘাট, কামৰূপ, শিৱসাগৰ আদি জিলাৰ নিৰ্বাচিত শিল্পী সকলে অনুষ্ঠান পৰিবেশন কৰে।