
শুক্লাইঃ সদৌ হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদ শুক্লাই আঞ্চলিক সমিতিৰ উদ্যোগত পূব ধৰমজুলী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব হিন্দী দিৱস৷ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি হীৰালাল ৰাজভৰে।
ইয়াৰ পিছতে অনুষ্ঠিত হ'ব ক্ৰমে ছহিদ তৰ্পন ,বৃক্ষ ৰোপন, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আলোচনা চক্ৰ। দিনৰ ২ বজাত উদযাপন সমিতিৰ সভাপতি হীৰালাল ৰাজভৰৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ ওদালগুৰি হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সদৌ হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অশোক তিৱাৰীয়ে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখিব পানেৰীৰ বিধায়িকা কমলী বসুমতাৰী, বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োই। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ওদালগুৰি জিলা সমিতিৰ সম্পাদক প্ৰেম চন্দ্ৰ ৰাজভৰ, উপদেষ্টা মনোজ কুমাৰ মিশ্ৰ, চেয়াৰমেন নৰেশ্বৰ পৌড়েল, সাংবাদিক পৱন নাথ, ভূৱন থপলীয়াৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতাই অংশ গ্ৰহণ কৰিব।
অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সম্পাদক ভগত সিং চৌহানে।