তেজপুৰ টাউনঃ আজি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ ৰাজ্য জুৰি খনিকৰৰ আৰাধনা কৰাৰ লগতে তেজপুৰতো বিশ্বকৰ্মা পুজাৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হয়। তেজপু্ৰৰ চৰকাৰী-বেচৰকাৰী প্ৰায় সকলোবোৰ উদ্যোগ-প্ৰতিষ্ঠানতে বিভিন্ন কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজা পালন কৰে।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে তেজপুৰতো দুদিনীয়া কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰে। তেজপুৰ বিদ্যুৎ চক্ৰ, তেজপুৰ বিদ্যুৎ সংমণ্ডল, উপ-সংমণ্ডল ১আৰু২, পৰীক্ষণ আৰু স্থাপন সংমণ্ডল, মিটাৰ পৰীক্ষণ-পৰিৰ্দশন উপ-সংমণ্ডল, উদ্যোগী ৰাজহ সংগ্ৰহ ক্ষেত্ৰই মিলি অনুষ্ঠিত কৰে।

বিভিন্ন কৰ্যসূচীৰে আয়োজন কৰা পুজা পূৱা ৯ বজাৰ পৰাআৰম্ভ হয়। ১২ বজাত অঞ্জলি প্ৰদান কৰে আৰু মংগল কামনা কৰি সকলোৱে আশীষ লয়। সন্ধিয়া ৭বজাৰ পৰা মহাভৈৰৱ আঞ্চৰ-আঞ্চলিক নাগাৰা দলৰ নাম-প্ৰসঙ্গ অনুষ্ঠিত হ’ব।