
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলা কাৰাগাৰত শুকুৰবাৰে পুৱা ৬ বজাৰপৰা ৭:৩০ বজালৈকৈ আন্তৰাষ্ট্ৰীয় যোগদিৱস উদযাপন কৰা হয়। জিলা কাৰাগাৰৰ অধীক্ষক বীৰেশ চন্দ্ৰ হাজং, সহকাৰী অধীক্ষকদ্বয় মুকুল ভূঞা, মানস প্ৰতীম বুঢ়াগোহাঁই, জিলা কাৰাগাৰৰ ফাৰ্মাচিষ্ট গৌতম শৰ্মাই অংশগ্ৰহন কৰা যোগদিৱসৰ কাৰ্যসূচী ভাগ পৰিচালনা কৰে স্মিতা ব্যাস আৰু অতুল শৰ্মাই।
উক্ত যোগ দিৱসৰ অনুষ্ঠান ভাগত জিলা কাৰাগাৰৰ প্ৰায় অধিকাংশ কাৰাবন্দী সকলেই উপস্থিত থাকে। এই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহন কৰা সকলো বিষয়া কৰ্মচাৰী তথা কাৰাবন্দীসকলে যোগাসনৰ অভ্যাসৰ জৰিয়তে শাৰীৰিক উৎকৰ্ষ সাধনৰ লগতে মানসিক উপকাৰীতাও যথেষ্ট পৰিমাণে লাভ কৰিব পাৰিব বুলি জিলা কাৰাগাৰৰ অধীক্ষক বীৰেশ চন্দ্ৰ হাজঙে মন্তব্য কৰিছে।