বিহালীঃ আঘোণৰ সোণালী ধানৰ পথাৰ ৰক্ষাৰ লগতে ঘৰ-বৰ, জীৱন-সম্পত্তি ৰক্ষা কৰিবৰ বাবে ৰাইজে বনৰীয়া হাতীক পূজা কৰে যদিও পূজাও কাম দিয়া নাই বিশ্বনাথ জিলাত৷ প্ৰতিদিনে জাকে জাকে হাতী ওলাই আহি উপদ্ৰৱ চলাই গৈছে৷ বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে ৰাইজক। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাত তাণ্ডৱ চলাই গৈছে। বিহালী-গহপুৰ সমষ্টিত বছৰ বছৰ ধৰি ৰাইজে বন্য জীৱ-জন্তুৰ সন্ত্ৰাস অব্যাহত আছে।

কিছুদিন পূৰ্বে বনৰীয়া মহৰ আক্ৰমণত এগৰাকী কৃষক সহ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰায় ৭গৰাকী লোকৰ মৃত্যু হৈছে। বনৰীয়া হাতীয়ে নিতৌ সন্ত্ৰাস চলাই মানুহৰ ঘৰ-বৰ, খেতি পথাৰ নষ্টি কৰিছে। বিশ্বনাথ জিলাৰ বিশেষকৈ বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত হাতীয়ে ৰাইজৰ ধানৰ পথাৰ খাই তহিলং কৰে। একপ্ৰকাৰ ৰাইজ বিপদত পৰাৰ সময়ত বন বিভাগে লোকে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ হাতী জাকে সন্ত্ৰাস চলাই থকাৰ সময়ত বন বিভাগৰ লোকে যি তৎপৰতাৰে হাতী খেদি খেতি পথাৰ ৰক্ষা কৰিব লাগিছিল, তেনে পদক্ষেপ লোৱা দেখা নাযায়।

ইফালে বিহালী সংৰক্ষিত বনাঞ্চলত ২০০৭ চনত বেদেতি ফৰেষ্ট বিত অফিচৰ পৰা কুলাগুৰি ফৰেষ্ট কেম্পলৈকে প্রায় ৭ কিলোমিটাৰ এলেকা সৌৰ বিদ্যুৎ বেৰ দিছিল যদিও বনাঞ্চল খনৰ পৰা হাতী বাহিৰলৈ ওলাই আহিব পৰা নাছিল। কিন্তু সৌৰ বেৰ খনৰ খুঁটা পচি যোৱাত বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা দাঁতিকাষৰীয়া গাঁৱৰ খেতি পথাৰ সমূহ নষ্ট কৰি সমগ্ৰ জিলাখনতেই তাণ্ডৱ চলাই গৈছে। বনৰীয়া হাতীৰ সন্ত্ৰাসৰ ফলত ইতিমধ্যে বিহালী বিধানসভা সমষ্টিৰ বৰাজুলি নেপালী গাঁৱৰ মানৱ দাস নামৰ এজন লোকৰ হাতী আক্ৰমণত মৃত্যু হৈছে।

বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই সমষ্টিৰ ৰাইজৰ বিপদৰ সময়ত সহায় কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে৷ মন্ত্ৰী আৰু বিধায়কগৰাকীক বিশ্বনাথ জিলা কংগ্ৰেছে তীব্ৰ ভাষাৰে নিন্দা কৰে। কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই স্পৰ্শকাতৰ বিষয়সমূহত মাত নামাতি কুম্ভকর্ণৰ ভূমিকা কিয় লৈ আছে বুলি কয়? বিশ্বনাথ জিলা কংগ্ৰেছে জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাক বিষয়টো দৃষ্টিগোচৰ কৰি বিশ্বনাথ জিলাত হাতী আৰু মানুহৰ এই সংঘাতৰ এক বৈজ্ঞানিক অধ্যয়ন কৰি স্থায়ী সমাধান কৰিবলৈ দাবী জনায়।

স্মৰ্তব্য যে, বিশ্বনাথ জিলা তথা বিহালী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা বিধায়কগৰাকীয়ে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী। সমষ্টিলৈ গলে বিশাল কনভয়লৈ যায় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীৰ আগে-পিছে বৰ বৰ মানুহ ঘুৰে। নিৰ্বাচনৰ পূৰ্বে দৰিদ্ৰ মানুহৰ বাবে কাম কৰিম বুলি কোৱা মন্ত্ৰীয়ে এতিয়া এতিয়া দৰিদ্ৰ, শ্ৰমিক, কৃষকে লগ ধৰিবৰ বাবে এবাৰ চিন্তা কৰিব লগা হয়। সমষ্টিৰ শিক্ষা, স্বাস্থ্য, খোৱাপানী, বাট-পথৰ উন্নয়ণ কৰিব নোৱাৰা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালী সমষ্টিত বিগত পাঁচ বছৰত বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাস অব্যাহত আছে৷ পূৰ্বে সমষ্টিৰ বিভিন্ন গাঁৱত বনৰীয়া হাতীয়ে প্ৰবেশ কৰিলে নিজস্ব জেচিপি ব্যৱস্থাৰ জৰিয়তে হাতী খেদাত সহায় কৰিছিল।

বিহালী সমষ্টিত বিপুল ভোটত জয় লাভ কৰি তেও কেবিনেট মন্ত্ৰী হ’ল। এতিয়া মন্ত্ৰী হোৱাৰ পিছত বিহালী সমষ্টিক যেন পাহৰিলে তেও৷ এতিয়া মন্ত্ৰীৰ নিজস্ব জেচিপিও নাই বন বিভাগো নাই হাতীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ৷ এতিয়া দিছপুৰৰ ফালে গৈ ডাঙৰ মানুহ হোৱা মন্ত্ৰীৰ আশা এৰি ৰাইজে বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবৰ বাবে হাতী পূজা কৰিছে। বিহালী সমষ্টিৰ বটিয়ামাৰীৰ ৰাইজে হাতী পূজা কৰি বনৰীয়া হাতীক কৈছে প্ৰভু সকল আমাক আৰু অত্যাচাৰ নকৰিবা৷ মন্ত্ৰীয়ে আমাৰ কথা নুশুনে তুমিয়ে আমাৰ কথা শুনা প্ৰভু৷ আনহাতে এগৰাকী কেবিনেট মন্ত্ৰীৰ সমষ্টিত "হাতী পূজা" অনুষ্ঠিত কৰিব লগা হোৱাত ধিক্কাৰ দিছে বিপ্লৱী যুৱ সন্থাই।