
newsnextone.com | বিহালীঃ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব বিচৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যৰ দল-সংগঠনে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দল-সংগঠনে৷
তাৰ মাজতে সোমবাৰে বিশ্বনাথ জিলা কংগ্ৰেছে কেইবাঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গহপুৰ কংগ্ৰেছে৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাৰ গৃহ সমষ্টি গহপুৰত হাজাৰ হাজাৰ লোকৰ গণস্বাক্ষৰ সংগ্ৰহ কৰি প্ৰশাসনৰ জৰিয়তে ভাৰত চৰকাৰক প্ৰেৰণ কৰে দলটোৱে৷
জিলাখনৰ বিশ্বনাথ সমষ্টিত বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলা খনৰ আন এটা সমষ্টি বিহালীত বিহালী ব্লক কংগ্ৰেছ আৰু বাঘমৰা ব্লক কংগ্ৰেছেও বিহালী উন্নয়ন খণ্ডত গণ স্বাক্ষৰ সহ স্মাৰক পত্ৰ প্ৰদান কৰে। জিলাখনৰ মহিলা কংগ্ৰেছ, যুৱ-কংগ্ৰেছ, এন এছ ইউ আই, সেৱা দলৰ সদস্যসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক প্ৰেমলাল গঞ্জু উপস্থিত থাকে।
কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰ, বিশ্বনাথ কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডা০ দুৰ্লভ চমুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য নীলমণি শৰ্মা আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা উপস্থিতি থাকে।