আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি

বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ ৰাজ্যতে বহু প্ৰতাক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়সমূহত উছাহ- উদ্দীপনা চলি থকাৰ সময়তে বিশ্বনাথৰ এখন বিদ্যালয়ত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয়খনে সন্তোষজনক ফলাফল লাভ নকৰাৰ বাবেই সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ।
বিশ্বনাথ জিলাৰ বালিপুখুৰীস্থিত বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১২৬ গৰাকী ছাত্ৰ ছাত্ৰী। তাৰ বিপৰীতে উত্তীৰ্ণ হৈছে মাত্ৰ ১৬ গৰাকী ছাত্ৰ ছাত্ৰী অৰ্থাৎ ১৩ শতাংশ। তাৰে ২ জন প্ৰথম বিভাগত, ৪ জন দ্বিতীয় আৰু ১০ জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনে এনে নিম্নগামী ফলাফল লাভ কৰাৰ পিছতেই শিক্ষক সকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱক তথা স্থানীয় ৰাইজ। বিদ্যালয়খনত পাঠদান কৰাত চৰম হেমাহি কৰা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে।
মানৱ সম্পদ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে মানৱ সম্পদ ধ্বংস কৰাতহে উঠি-পৰি লাগিছে শিক্ষকসকলে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি কাকতিৰ চৰম হেমাহি আৰু সোপাঢিলা নীতিৰ বাবেই বিষয় শিক্ষক সকলে পাঠদানৰ পৰা দূৰৈত অৱস্থান কৰি চাহ দোকান, পান দোকান আদিত গৈ আড্ডা মাৰি থকা বুলি ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ দিয়ে। এইক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিও অসন্তুষ্টি ব্যক্ত কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ কথা নুশুনে প্ৰধান শিক্ষয়িত্ৰীয়ে।
উপায়ন্তৰ হৈ ৰাইজৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিলে পৰিচালনা সমিতিৰ বিষয়-ববীয়া সকলে। প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নিজ খেয়াল খুচি মতে বিদ্যালয়ত উপস্থিত হয়। আকৌ হঠাত বিদ্যালয়খনত সৃষ্টি হয় এক অভাবনীয় পৰিস্থিতিৰ। বিদ্যালয়খনত সাংবাদিক আৰু অবিভাৱকৰ সোঁত বোৱা দেখি পলাই পত্ৰং দিয়ে একাংশ শিক্ষক-শিক্ষয়িত্ৰী।
কোনোবাই যদি দুচকীয়া বাহন এৰি পলাইছে আন কোনোবা এজনে আকৌ সাংবাদিক গমনৰ আগতীয়া উমান পাই নিজৰ চাৰিচকীয়া বাহনখন আগতে ৰাজপথত উলিয়াই থৈছে। আন কোনোবাই আকৌ নিজৰ বেগ খনকে এৰি পলাইছে। বিদ্যালয়খনত ৯০০ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১৭ জনকৈ শিক্ষক থকাৰ পিছতো এনে নিম্নগামী ফলাফল লাভ কৰাত খৰ্গহস্থ হৈ পৰিছে স্থানীয় ৰাইজ তথা অভিভাৱকসকল। ৰাইজৰ এটাই দাবী জ্যোতি কাকতি নামৰ অকৰ্মণ্য, মানৱ সম্পদ ধ্বংসকাৰী, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালী খেলা প্ৰধান শিক্ষয়িত্ৰী গৰাকীক অতি শীঘ্ৰেই বদলি কৰি এজন উপযুক্ত প্ৰধান শিক্ষক নিযুক্তি দিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনাইছে। অন্যথা বিদ্যালয়খনত তলা-বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও ৰাইজে সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰিছে।