
newsnextone.com | বিহালীঃ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাপুমপাৰেত দেৱাল খহি মৃত্যুক আকোৱালী লোৱা বিশ্বনাথ জিলাৰ বিহালীৰ মাদুৰালিৰ ৫ জন শ্ৰমিকৰ মৃতদেহ সোমবাৰে বিহালীলৈ আনি সহস্ৰাধিক লোকৰ উপস্থিতিত মাদুৰালিৰ ৰাজহুৱা শ্মশানত একেলগে ৫খন চিতাত ৫ জনকৈ শ্ৰমিকৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
কিন্তু এই ৫ দৰিদ্ৰ পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী মানুহ কেইজনে নোহোৱা হোৱাত এতিয়া সতি-সন্ততি সহ পৰিয়াল সমূহে হাহাকাৰ কৰিব লগা হৈছে৷ কেনেদৰে জীৱন নিৰ্বাহ কৰিব এই ৫ পৰিয়ালে৷ তাৰেই চিন্তাত সময় পাৰ কৰিব লগা হৈছে৷
অতি দৰিদ্ৰ পৰিয়ালৰ পাপু গোড়, বাবুল টেলেঙা, ৰাজেন টেলেঙা, কানহা কাঁৱাৰ আৰু পাপু কাটিয়া নামৰ শ্ৰমিক কেইজনে অৰুণাচলৰ পাপুংপাৰে জিলাৰ ডলি ক’লনিত ৰাজমিস্ত্রীৰ সহায়কাৰী হৈ কাম কৰি আছিল৷ ২৪জুনত পুৱতি নিশা অস্থায়ী কেম্পত শুই থকা অৱস্থাত পকী দেৱাল খহি পৰাত শ্ৰমিক যুৱক কেইজনৰ মৃত্যু হয়৷
অৰুণাচল প্ৰশাসনে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা পৰ্যন্ত নকৰাকৈ মৃতদেহ প্ৰেৰণ কৰে৷ পৰিয়ালৰ লোকে যুৱক কেইজনৰ নশ্বৰদেহ বিহালীলৈ আনিহে বিহালী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷
৫ জন যুৱকৰ অৰুণাচলৰ পাপুমপাৰে জিলাৰ দনি কলনিত কৰ্মৰত অৱস্থাত কেনেদৰে মৃত্যু হ’ল তাকেই লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ ন্যায়িক তদন্ত আৰু আৰ্থিক সাহায্য প্ৰদানৰ দাবীত মঙলবাৰে বিপ্লৱী যুৱ সন্থা আৰু সদৌ ভাৰত ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ এটি সঁজাতি দলে বিশ্বনাথ জিলাৰ উপায়ুক্তক স্মাৰক পত্র প্ৰদান কৰাৰ লগতে বিশ্বনাথৰ শ্ৰম বিষয়াৰ জৰীয়তে অতিৰিক্ত শ্ৰম আয়ুক্তলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে৷
স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে যুৱক কেইজনৰ মৃত্যু দুৰ্ঘটনা বুলি মানি লব পৰা নাই আৰু এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ মৃত্যুৰ এক ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে দৰিদ্ৰ পৰিয়াল কেইটাক ৫ লাখকৈ টকাৰ সাহায্য প্ৰদানৰ দাবী জনায় সংগঠনদুটাই৷ সজাঁতি দলটোত বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ মুখ্য আহ্বায়ক পৰিমল গোড়, জ্যোতি প্ৰকাশ বৰা, বিকাশ চুব্বা আৰু সদৌ ভাৰত ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ টিংকু কাতিয়া উপস্থিত থাকে৷