
ঢেকীয়াজুলিঃ এগৰাকী বিজেপি নেত্ৰীয়ে লাঘৱ কৰিছে দলটোৰ মান-অভিমান৷ শাসনৰ বাঘ জৰি হাতত লোৱা দলটোৰ এগৰাকী নেত্ৰীয়ে লাঘৱ কৰিছে দলটোৰ মান-অভিমান৷ এই অভিযোগ বিৰোধী দলৰ নেতা নতুবা কোনো ছাত্ৰ সংগঠনৰ নেতাৰ নহয়৷ এই অভিযোগ খোদ বিজেপি দলৰ নেতাৰ৷ শোণিতপুৰ জিলা বিজেপিৰ সভাপতি মৃনাল শইকীয়াই অভিযোগ উত্থাপন কৰে নিজ দলৰে এগৰাকী মহিলা নেত্ৰীৰ বিৰুদ্ধে৷
এক পত্ৰ যোগে এই অভিযোগ উত্থাপন কৰে এই অভিযোগ৷ এই পত্ৰৰ কথা পোহৰলৈ অহাৰ পাছতে বিগত কেইবাদন ধৰি ঢেকীয়াজুলি পৌৰসভা অস্থিৰ হৈ পৰিছে৷ পত্ৰখনত পৌৰসভাত কাৰ্যনিৰ্বাহ কৰি থকা ৰঞ্জিতা জয়ছোৱালে পৌৰনেত্ৰী পদৰ পৰা অব্যাহতি ল’ব লাগে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে৷ দীৰ্ঘদিন ধৰি পৌৰসভাখনত পৌৰনেত্ৰী ৰঞ্জিতাই চলাই অহা কামকাজে বিজেপি দলৰ মৰ্যদা লাঘৱ কৰিছে বুলিও উল্লেখ কৰে শোণিতপুৰ জিলা বিজেপিৰ সভাপতি মৃনাল শইকীয়াই৷
জিলা সভাপতি গৰাকীয়ে প্ৰেৰণ কৰা এই দলীয় নিৰ্দেশনাৰ অতি গোপন পত্ৰখন পৌৰনেত্ৰীগৰাকীৰ হাতত আহি পৰাৰ পূৰ্বেই ছছিয়েল মিডিয়া আৰু অন্যান্য সংবাদ মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই ঢেকীয়াজুলিৰ বিজেপি শিবিৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই পত্ৰখনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰঞ্জিতাৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱা ঘটনাই স্তম্ভিত কৰি তুলিছে আন একাংশ বিজেপি কৰ্মীক৷
ইফালে এই ঘটনাৰ সৃষ্টিৰ আঁৰত দলৰেই একাংশ নেতাই পৌৰনেত্ৰী গৰাকীৰ বিৰুদ্ধে ব্যাপক ষড়যন্ত্ৰত লিপ্ত হোৱাৰ কথা প্ৰকাশ কৰিছে দলটোৰেই এটা বিশেষ সূত্ৰই৷ পৌৰ সভাৰেই বৰ্তমানৰ এগৰাকী ৱাৰ্ড সদস্যই অন্যান্য সদস্যসকলক পৌৰপতি ৰঞ্জিতাৰ বিৰূদ্ধে উচতনি দি অনাস্থা আনি পৌৰসভাখনক অস্থিৰ কৰি তুলিবলৈ উঠিপৰি লাগিছে৷
আনহাতে কংগ্ৰেছ দলৰেই টিকটত জয়ী হৈ এতিয়া দল সলাই বিজেপি হোৱা এই গৰাকী নেতা পূৰ্বতে পৌৰসভাখনৰ পৌৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ এই গৰাকী নেতাৰ প্ৰৰোচনাতে পৌৰনেত্ৰী গৰাকীৰ বিৰূদ্ধে লিখিত অভিযোগ দি জিলা বিজেপিৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰোৱাৰ অভিযোগ আনিছে ৰঞ্জিতা জয়ছোৱালৰ সমৰ্থিত সূত্ৰটোৱে৷