নলবাৰীঃ শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন মজদুৰ মৰ্চাৰ নলবাৰী জিলা সমিতিয়ে দেওবাৰে অনুষ্ঠিত কৰে স্বাস্থ্য শিবিৰ৷ মজদুৰ মৰ্চাৰ নলবাৰী টাউন মণ্ডল সমিতিৰ সহযোগত নলবাৰী হৰিমন্দিৰ বাকৰিত  অনুষ্ঠিত কৰা স্বাস্থ্য শিবিৰ উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই৷

স্বাস্থ্য শিবিৰত নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰঞ্জন ভট্টাচাৰ্য, ডাঃ সিদ্ধাৰ্থ তালুকদাৰ, ডাঃ চক্ৰেশ্বৰ হালৈয়ে শ্ৰমিক সকলক চিকিৎসা সেৱা আগবঢ়াই। চিকিৎসা শিবিৰত নলবাৰী টানৰ প্ৰায় ২০০গৰাকী শ্ৰমিকক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে মৰ্চাই।শিবিৰত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাৰ উপস্থিতিত এখন সভা হয়৷

জিলা মজদুৰ মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকাই আতঁধৰা সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই শ্ৰমিকসকল দেশৰ অন্যতম শক্তি বুলি কয়। শ্ৰমিকসকলৰ স্বাস্থ্য সুস্থ হৈ থাকিলেহে সুন্দৰ ভাবে কাম কাজ পৰিচালনা কৰিব পাৰিব। এই ক্ষেত্ৰত বিজেপিৰ মজদুৰ মৰ্চাই শ্ৰমিকসকলৰ মাজত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাত বিধায়ক শৰ্মাই  শলাগ লয় মজদুৰ মৰ্চাৰ।

জিলা বিজেপিৰ উপ-সভাপতি অপূৰ্ব শৰ্মা, ৰাজ্যিক মজদুৰ মৰ্চাৰ সাধাৰণ সম্পাদক দিলজিত বৰ্মন, কাৰ্যনিৰ্বাহ সদস্য ত্ৰিনয়ন বৰ্মন, জিলা মজদুৰ মৰ্চাৰ উপ-সভাপতি মিন্টু তামূলী, বিজেপি নেতা ৰতন বৰ্মন, প্ৰণৱ কুমাৰ শৰ্মা, ক্ষিতিশ হালৈ সহ বহু সংখ্যক নেতা উপস্থিত থাকে।