
গুৱাহাটীঃ আমি খিলঞ্জীয়া মানুহ, সোণোৱাল মহাশয় আমাক ইয়াতে থাকিব দিয়ক৷ যদি বাংলাদেশী আছে আপোনালোকে খেদক উঠাই দিয়ক আমাৰ কব লগা নাই৷
আমি ভোট দি আপোনালোকক চৰকাৰ বনাই দিছো৷ কিন্তু আপোনালোকে আমাক শাস্তি দিছে৷ আমাৰ লৰা-ছোৱালী পৰীক্ষা দিব নাপালে৷ আমাৰ ঘৰ ভাঙি দিলে৷ মাথো কিছুদিন পূৰ্বে শ-শ থলুৱা লোকৰ মুখৰ পৰা শুনা গৈছিল গুৱাহাটী মহানগৰীৰ আমচাঙত৷ তেওলোকে বাৰে বাৰে কৈছিল আমি মৰি যাম তথাপিও আমি মাটি এৰি নিদিওঁ৷
আমি খিলঞ্জীয়া মানুহ আমি বাংলাদেশী নহয়৷ কিন্তু চৰকাৰে শুনা নাছিল এই কথা৷ ৰাজ্য চৰকাৰ তথা সৰ্বানন্দ সোণোৱালে এনে কাতৰ আহ্বানক উলাই কৰি শ-শ লোকৰ ঘৰ ভাঙি দিছিল৷ আমচাঙত প্ৰশাসনে উচ্ছেদ অভিযান চলাই যুদ্ধ কৰিছিল সাধাৰণ ৰাইজৰ বিৰুদ্ধে৷ হাতে হাতে বন্দুক লৈ উপস্থিত হৈছিল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক৷
দৰিদ্ৰ, শ্ৰমিক খটিখোৱা থলুৱাৰ ঘৰ ভাঙি চৰকাৰে তৃপ্তি লৈছিল৷ প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈ আমচাঙত উচ্ছেদ কৰিছিল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বৃহৎ সংখ্যক লোকক লৈ৷
আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ হাতী, এক্সেভেটৰ লৈ প্ৰায় ১৫০০০ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হৈ চলাই গৈছিল উচ্ছেদ অভিযান৷ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লাঠিৰ কোব, কন্দুৱা গেছ ব্যৱহাৰ কৰি মুহুৰ্ততে বহু ঘৰ ভাঙি পেলাইছিল৷ ঘৰৰ সামগ্ৰী বাহিৰত দলিয়াই বিছনা লৰা-ছোৱালীৰ কিতাপ-পত্ৰ, কাপোৰ সকলো দলিয়াই পেলাইছিল৷ অমানবীয় উচ্ছেদ কৰিছিল চৰকাৰে৷ প্ৰশাসনে টানি চোচোৰাই আতৰাই নিছিল পুৰুষ মহিলাক৷
আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে ৰবৰৰ বুলেট নিক্ষেপ কৰা হৈছিল৷ কেৱল ইমানে নহয় ৰাজ্য চৰকাৰে তিনিচুকীয়া জিলাৰ লিডু, কাৰ্বি আংলং জিলা, দুলুং বনাঞ্চল আৰু দৰং জিলাৰ ফুহুৰাবাৰীত উচ্ছেদ চলাইছিল৷ যাৰ ফলত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ কিন্তু newsnextone.com-এ উচ্ছেদৰ কথা পুনৰ দোহাৰিছে কিয়৷ এই কথাৰ অৱতাৰণা নিশ্চয় হ’ব৷ সৰু সৰু মানুহক উচ্ছেদ কৰা বিজেপি চৰকাৰে সৰু সৰু মানুহৰ মাটি কাঢ়ি নি কাক দিব৷
হয়, এই প্ৰশ্ন কলোৰে মনত উদয় হ’ব৷ শেহতীয়াকৈ এটা কথা প্ৰমাণ হৈছে এই মাটি সমূহ বিজেপিয়ে হিন্দু বাংলাদেশীক বহুৱাব পাৰে৷ কিয়নো দৰিদ্ৰ, শ্ৰমিক তথা থলুৱা লোকক উচ্ছেদ কৰি তৃপ্তি লাভ কৰা বিজেপি নেতাই এইবাৰ মাটি দখলত নামিছে৷
শ-শ বিঘা মাটি দখল কৰি ৰাজত্ব চলাই গৈছে বিজেপিয়ে৷ ৰাজ্য চৰকাৰ আৰু বন বিভাগে বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ নামত উচ্ছেদ অভিযান চলোৱাৰ সময়তে শাসনৰ গাদীত বহি থকা বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে পতিত ভূমি বেদখল কৰাত নামি পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিটিএডিৰ বাক্সা জিলাত।
জানিব পৰা মতে, জিলা খনৰ তামুলপুৰ মহকুমাৰ নাগ্ৰিজুলিৰ সমীপৰ ২নং ডোঙাৰগাঁৱ অঞ্চলৰ ৪৩২ নম্বৰ দাগৰ তথা ওডালগুৰি তামুলপুৰ গড়কাপ্টানী পথৰ দাতিৰ পুঠিমাৰী নৈৰ পাৰৰ প্ৰায় তিনি শ বিঘা পতিত ভূমি বিজেপি দলৰ একাংশ নেতা-কৰ্মী-সমৰ্থকে বেদখল কৰে৷ ইমানে নহয় দলটোৰ শতাধিক গেৰুৱা পতাকা উৰুৱাই থৈ চলাই গৈ ৰাজত্ব চলাই গৈছে৷
বিগত কিছুদিন ধৰি অব্যাহত থকা বেদখল ভূমিত এসময়ত কিছুলোকে অস্থায়ীভাৱে উক্ত চৰকাৰী ভূমিত বাস কৰিছিল যদিও ১৯৮২ চনত হোৱা প্ৰৱল বানপানীৰ পিছত সম্পূৰ্ণ ভূমি পৰিত্যক্ত অৱস্থাত আছিল৷ তাৰ পিছতে উক্ত ভূমি সমূহ ২০১১ চনত ইন্দু-ভূটান ইকো টুৰিজিম ছোছাইটি নামৰ এটি সেচ্ছাসেৱী সংগঠনে এটা ৰাজহুৱা প্ৰকল্প নিৰ্মানৰ বাবে চৰকাৰৰ অনুমোদনৰ বাবে আবেদন কৰাত ২০১৬ চনত ৰাজহ বিভাগে অনুমোদন দিয়ে৷
কিন্তু শেহতীয়া ভাৱে হঠাৎ একাংশ বিজেপিৰ কৰ্মী-সমৰ্থকে একাংশ লোকক লগত লৈ বেদখল কৰিছে ভূমি সমুহ। প্ৰাপ্ত অভিযোগ মতে কিছুদিন পুৰ্বে নিশাৰ ভিতৰতে বিজেপি দলৰ শতাধিক পতাকা উৰুৱাই থৈ শ-শ ভূমিত। তাৰ পিছতে ভূমিত এটা এটাকৈ কুৰিটাৰো অধিক জুপুৰি ঘৰ থিয় হয়৷ আৰত নতুনকৈ বিজেপিত যোগদান কৰা বিটিচিৰ প্ৰাক্তন ই এম তথা সদ্য কংগ্ৰেছ ত্যাগী ৰবীন্দ্ৰ বিশ্বাস আছিল বুলি অভিযোগ উত্থাপিত হৈছে৷
বিজেপি দলৰ নামত বেদখল চলোৱাৰ লগতে প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানো উক্ত ভুমি বেদখলত জড়িত থকাৰ সন্দেহৰ আঙুলি টোৱাই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ লোকৰ উপৰিত ইণ্ডো ভূটান ইকো টুৰিজিম ছ'চাইটিৰ কৰ্মকৰ্তা সকলে। উল্লেখ্য যে প্ৰথমে নিশাৰ ভাগত বেদখল চলোৱা লোকসমূহে এতিয়া দিনৰ পোহৰতে নিৰ্ভীকতাৰে হাতে হাতে দা-কোৰ লৈ দলে দলে লোকসকলে নামিছে বেদখলত কাৰ্যত।
ইয়াকে লৈ সেচ্ছাসেৱী অনুষ্ঠান আৰু বেদখলকাৰীৰ মাজত সৃষ্টি হৈছে সংঘাত৷ সেচ্ছাসেৱী অনুষ্ঠানটোৱে ইতিমধ্যে আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
এতিয়া বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে এক চেপা উত্তেজনা৷ এই ক্ষেত্ৰত মিত্ৰ জোটৰ চৰকাৰ তথা বন বিভাগ অথবা জিলা প্ৰশাসনক তৎকালে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে। ইফালে একাংশ লোকে বিজেপি নেতৃত্বাধীন চৰকাৰে বাংলাদেশীৰ পৰা আনিব খোজা হিন্দু বাংলাদেশীক বহুৱাবৰ বাবেও বিজেপিয়ে আগতীয়াকৈ দথল কৰি ৰখা বুলি অভিযোগ উত্থাপন হৈছে৷