
গুৱাহাটীঃ ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ বীৰ শ্বহীদসকলৰ সোঁৱৰণত সমগ্ৰ ৰাজ্যতে আজি বিজেপিয়ে ক্ৰান্তি দিৱস পালন কৰে। গুৱাহাীৰ লগতে প্ৰায় প্ৰতিখন প্ৰধান ঠাইতে দলটোৱে জোৰ সমদল উলিয়াই ৪২ৰ শ্বহীদসকলক স্মৰণ কৰে।
NNO গোৰেশ্বৰঃ গোৰেশ্বৰত আজি ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদক স্মৰণ কৰে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত আজি সন্ধিয়া বাক্সা জিলাৰ গোৰেশ্বৰত এক জোৰ সমদল চহৰখনত উলিওৱা হয়। প্ৰায় পাঁচ শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰা জোঁৰ সমদলত ভাৰত মাতা কী জয়, বন্দে মাতৰম, স্বাধীনতা সংগ্ৰামী অমৰ হওঁক, জাগিছিল দেশ, জাগিছে দেশ, আৰু হ’ব নিদিও উপনিৱেশ, যুৱক-যুৱতী আহিছোঁ ওলাই, দেশ মাতৃক সেৱা জনাই আদি শ্ল’গান দিয়ে।
NNO ওদালগুৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো জিলা বিজেপিৰ উদ্যোগত আৰু বিজেপি যুৱ মৰ্চাৰ সহযোগত ক্ৰান্তি দিৱস পালন কৰে। ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ বীৰ শ্বহীদ সকলক সুঁৱৰি দলটোৱে আজি জোঁৰ সমদল উলিযায়৷ প্ৰায় অৰ্ধ শতাধিক বিজেপি সমৰ্থকসহ জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলটোৱে চহৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰি স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত সমবেত হয়। ভাৰত মাতা কি জয়, বিজেপি জিন্দাবাদ শ্ল’গান দিয়ে সমদলকাৰীসকলে। এই কাৰ্যসূচীৰ মাজতে জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়োৱে বিটিচিত দুৰ্নীতি সংঘটিত হৈ আহিছে বুলি কয়।
NNO ধিংঃ সমগ্ৰ দেশৰ লগতে বটদ্ৰৱাতো কলিয়াবৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত যুৱ মৰ্চাৰ সহযোগত ১৯৪২ চনৰ ভাৰত ত্যাগ অান্দোলনত প্ৰাণ অাহুতি দিয়া বীৰ-সেনানীসকলক অাজি ক্ৰান্তি দিৱস উপলক্ষে জোঁৰ সমদল কাৰ্যসূচীৰে স্মৰণ কৰে।
NNO তেজপুৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ পবিত্ৰ সোঁৱৰণত আজি বিজেপি যুৱ মৰ্চাৰ সহযোগত জোঁৰ লৈ সমদল উলিয়াই বিজেপিয়ে। বিজেপি যুৱ মৰ্চাৰ নেতৃত্বত অনুষ্ঠিত হোৱা জোঁৰ সমদল তেজপুৰ চহৰৰ মাজ-মজিয়াত পৰিভ্ৰমণ কৰি ভাৰত ত্যাগ আন্দোলনৰ স্বতন্ত্ৰ সেনানীলৈ শতকোটি প্ৰণাম তথা শ্ৰদ্ধা নিবেদন কৰে।
NNO মৰিগাঁওঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ পৱিত্ৰ সোঁৱৰণত আজি মৰিগাঁৱতো বিজেপিয়ে সমদল উলিযায়৷ ক্ৰান্তি দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে সন্ধিয়া মৰিগাঁও চহৰত এক জোঁৰ সমদল উলিয়াই মৰিগাঁও জিলা বিজেপিয়ে৷
NNO পাথৰিঘাটঃ দৰং জিলা যুৱ মৰ্চাৰ উদ্যোগত ক্ৰান্তি দিৱস উপলক্ষে মঙলদৈত জোৰ সমদল উলিয়ায়। সমদলত উপস্থিত থাকে নেত্ৰী নীলিমা দেৱী, দৰং জিলা যুৱ-মৰ্চাৰ সভাপতি ধ্ৰুৱজ্যোতি কাকতি৷