আজাৰাঃ ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ বীৰ শ্বহীদসকলৰ সোঁৱৰণত সমগ্ৰ ৰাজ্যতে বুধবাৰে বিজেপিয়ে ক্ৰান্তি দিৱস পালন কৰে। প্ৰতিখন প্ৰধান ঠাইতে দলটোৱে জোৰ সমদল উলিয়াই ৪২ৰ শ্বহীদসকলক স্মৰণ কৰাৰ লগতে দক্ষিণ কামৰূপ জিলা বিজেপিয়ে পলাশবাৰীৰ দখলা নিবাসী মুক্তি যুজাৰু প্ৰয়াত অনন্তৰাম ডেকাৰ সহধৰ্মিনী গিৰিবালা ডেকা তথা পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায়৷

দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ ঠাকুৰীয়াৰ উপস্থিতিত প্ৰয়াত অনন্ত ৰাম ডেকাৰ স্মৃতিসৌধত মাল্যৰ্পন আৰু পুস্পাঞ্জলি প্ৰদান কৰে জিলা বিজেপিৰ কৰ্ম-কৰ্তাসকলে।

মুক্তি যুঁজাৰু প্ৰয়াত ডেকাৰ সহধৰ্মিনী গিৰিবালা ডেকাই অতীতৰ স্মৃতি ৰোমন্থন কৰি তেওঁৰ স্বামীয়ে আন্দোলনৰ সময়তে ১৮ মাহ কাৰাবাস খাটিব লগাৰ উপৰিও সেই সময়ৰ ঘাট-প্ৰতিঘাতৰ বিষয়ে আলোকপাত কৰে।

দক্ষিণ কামৰূপ জিলা বিজেপিৰ উপৰহালীস্থিত মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অন্তৰ্গত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ নৱ নিৰ্বাচিত সদস্য প্ৰভাত কুমাৰ দাস আৰু নৃপেন ৰাভাকো সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা অনুষ্ঠানত দক্ষিণ কামৰূপ জিলা বিজেপিৰ উপ-সভাপতি শিৱ প্ৰসাদ ডেকা, ৰাষ্ট্ৰীয় কৃষক মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সদস্য লক্ষ্যধৰ তালুকদাৰ, জিলা আইন বিভাগৰ মুখ্য আহ্বায়ক জয়ন্ত গোস্মামীকে ধৰি বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে।