
বঢ়মপুৰঃ বানৰ কবলত পৰি সমগ্ৰ নগাঁও জিলা ককবকাই থাকিব লগা হৈছে৷ দল-সংগঠনে বানাক্ৰান্ত হৈ এষাৰ মাত দিবলৈ আহৰি পোৱা নাই৷ আনহাতে বান পীড়িতৰ বাবে চিন্তা কৰাৰ সময় নাই ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লৈ থকা বিজেপি দলৰ নেতা-কৰ্মীৰ৷ বানাক্ৰান্তৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ বিপৰীতে খোৱা-কামোৰাত ব্যস্ত হৈ পৰিছে শাসকীয় দলৰ নেতৃবৰ্গ৷
ন বিজেপিয়ে পুৰণি দলীয় নেতা-কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি ক্ষমতাৰ খকত পাহৰি গৈছে আৰ্তজনৰ আৰ্তনাদ৷ বানত ডুবি থকা নগাঁও জিলাত দলটোৰ ভিতৰচৰাত আৰম্ভ হৈছে ক্ষমতাৰ বাবে খোৱা-কামোৰাৰ ৰাজনীতি৷ বানপীড়িতই এটুপি খোৱাপানী, অন্ন, বস্ত্ৰৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে নগাঁও জিলাৰ তিৱা পৰিষদৰ অন্তৰ্গত ৩১নং লালুংপাৰ সমষ্টিৰ বামুনীত ৰবিবাৰে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে ২০১৬-১৭ বৰ্ষৰ বিত্তীয় পুজিৰে নিৰ্মিত এটি হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষন কেন্দ্ৰ উদ্ধোধন কৰে।
উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বঢ়মপুৰ ব্লক বিজেপিৰ উপ-সভপতি বিক্ৰম পাটৰৰ লগতে বিজেপি দলৰ বহু বিষয়-ববীয়া। সভা খনত বিজেপি দলৰ একাংশ কৰ্মীয়ে তীব্ৰ ক্ষোভ উজাৰে পৰিষদখনৰ আধ্যক্ষ মদন বৰদলৈৰ বিৰুদ্ধে। পৰিষদৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰি নিৰ্বাচনৰ নামত ধন সংগ্ৰহ কৰাৰ আভিযোগ উত্থাপন কৰে খোদ বিজেপি কৰ্মীয়ে৷ নিজকে পুৰণি বিজেপি কৰ্মী বুলি চিনাকি দি তীব্ৰ ক্ষোভ উজাৰে একাংশ কৰ্মীয়ে।
পুৰণা বিজেপি কৰ্মী সকলক একাষৰীয়া কৰি ন’ বিজেপি সকলক প্ৰধান্য দিয়া আৰু বিভিন্ন আঁচনিৰ নামত ধন সংগ্ৰহ কৰা বুলি ক্ষোভ ব্যক্ত কৰে তেওঁলোকে। হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষন কেন্দ্ৰ উদ্ধোধনী অনুষ্ঠানৰ মাজতে বিজেপি কৰ্মীয়ে মুকলিকৈ বিৰোধ কৰিব আৰম্ভ কৰাত আহুকালৰ পৰিবেশৰ সৃষ্টি হয় অধ্যক্ষ মদন বৰদলৈৰ বাবে৷ মদন বৰদলৈৰ একালৰ ঘনিষ্ঠ ৰবিন কুমাৰৰ বিভিন্ন কাৰ্যকলাপক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
আঁচনিৰ সামগ্ৰী হিতাধিকাৰি নিৰ্বাচন আৰু বিতৰণ নিজ হাতেৰে কৰাতো অসম্ভব আৰু মই মদন বৰদলৈয়ে কাৰোবাৰ পৰা টকা লৈছিলো নেকি বুলি স্পষ্টিকৰণ দিবলৈ বাধ্য হয় পৰিষদ খনৰ অধ্যক্ষই৷ ডাঙৰ ডাঙৰ নেতাই ৰাইজৰ ক্ষোভৰ সন্মুখীন হয়, মোৰ কাৰনে কোনো ডাঙৰ কথা নহয় বুলি তুলুঙা মন্তব্য কৰে তিৱা পৰিষদৰ অধ্যক্ষ মদনে। যি সময়ত জিলা খনৰ এটা প্ৰান্ত বানত ডুবি হাহাকাৰ কৰিছে সেই সময়ত খোৱা-কামোৰাত ব্যস্ত হৈ পৰিছে বিজেপি দল৷ জানিব পৰা মতে, একাংশ বিজেপিয়ে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰি গাডীচ্যুত কৰাৰ চেষ্টা কৰিব৷