
নলবাৰীঃ দেওবাৰে নলবাৰীৰ বৰকুৰিহাস্থিত বালক প্ৰাথমিক বিদ্যালয়ত বৰভাগ মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দীপিকা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ-সভাপতি অপূৰ্ব শৰ্মা, যুৱ নেতা কিংকৰ কলিতা, দীনবন্ধু তালুকদাৰ, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, বিজেপি নেতা বিনয় কৃষ্ণ শৰ্মা সহ কেইবাজনো নেতা নেত্ৰীয়ে ভাষন ৰাখে।
সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই ভাষনত কয় যে মহিলা শক্তিয়ে এটা ৰাজনৈতিক দলক বহুত আগবঢ়াই নিব পাৰে। বৰ্তমান দেশ-ৰাজ্যত বিজেপিৰ চৰকাৰ। এনে ক্ষেত্ৰত বৃহত্তৰ বৰভাগ অঞ্চলটোৰ মহিলা সকলক ঐক্যবদ্ধ কৰাৰ বাবে মনযোগ দিয়ক। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মহিলাৰ বাবে বিভিন্ন আঁচনি লৈছে। সেই আচঁনি সমূহৰ সুযোগ গ্ৰহণ কৰক আৰু ৰাইজৰ মাজত প্ৰচাৰ কৰক। বিধায়ক গৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ মহিলা সকলক সাজু হবলৈও আহ্বান জনায়।