খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন৷ এই দিনটোৰ প্ৰাকক্ষণত এতিয়া সমগ্ৰ কাৰ্বি পাহাৰতে নিৰ্বাচনীকেন্দ্ৰীক তৎপৰতাই ইতিমধ্যে পৰিবেশ গৰম কৰি তুলিছে পাহাৰীয়া জিলাখনত৷ সম্প্ৰতি নেৰানেপেৰা চেষ্টাৰে প্ৰতিটো ৰাজনৈতিক দলে শেষ হাঁহিৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কাৰ্বি পাহাৰত৷ 

আজি বিজেপিয়ে পৰিষদীয় ৬ নং বিথুং ৰংথেমা সমষ্টিৰ অন্তৰ্গত ৱাকান্তা, লালমাটি, কাৰ্বি ৰংচপি, মেনমেজি, কলঙা আৰু ডংকামোকামত বিজেপিৰ নিৰ্বাচনী সভা আয়োজনেৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলায় উক্ত সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ লগতে বিধায়ক ড° মানছিং ৰংপিয়ে৷

সহস্ৰাধিক বিজেপি নেতা-কৰ্মী আৰু সমৰ্থক উপস্থিত থকা প্ৰতিখন সভাতে ৰংহাঙে ৰাইজক উদ্দেশ্যি কয় যে 'মোক কেৱল আপোনালোকৰ মৰম আৰু আশীীৰ্বাদ দিয়ক, অনাগত দিনত মোৰ কাৰ্য্যকালত পহাৰীয়া জিলাখনৰ বাবে মই উজ্জ্বল ভৱিষ্যত কঢ়িয়াই আনিম৷’ দিল্লী, দিছপুৰত বিজেপি চৰকাৰ থকাৰ পাছত কাৰ্বি পৰিষদত অন্য দলৰ চৰকাৰ গঠন কৰি উন্নয়ণ আৰু বিকাশ সাধন কৰাটো অসম্ভৱ৷ গতিকে ৰাইজৰ, কাৰ্বি আংলং, দুখীয়া পৰিয়াল, শিক্ষাৰ বিকাশ, কৃষি উন্নয়ণ, নৱ-প্ৰজন্মৰ ভৱিষ্যত, নিয়োগ, সমস্যা সমাধান, শান্তি বিৰাজমান আদিৰ স্বাৰ্থত বিজেপি দলক ভোটদান কৰি কাৰ্বি পাহাৰত বিজেপিক জয়ী কৰাব লাগিব বুলি কয় ৰংহাঙে৷ 

বিজেপি চৰকাৰ অবিহনে কাৰ্বি পাহাৰত উন্নয়ণ আৰু বিকাশ অসম্ভৱ বুলি মন্তব্য কৰে ৰংহাঙে৷ লগতে ৰাজ্যিক বিজেপি চৰকাৰখনে ইতিমধ্যে পাহাৰীয়া জিলাখনৰ বাবে গ্ৰহণ কৰা অভিলাষী আচঁনিসমুহৰ সন্দৰ্ভত ৰাইজক সবিস্তাৰে অৱগত কৰে আৰু ই কেৱল বিজেপি চৰকাৰ হোৱা বাবেহে পাহাৰীয়া জিলাখনক অগ্ৰাধিকাৰ দি উন্নয়ণ আৰু বিকাশৰ চিন্তা কৰিছে বিজেপিয়ে বুলি কৈ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছক ক্ষোৰধাৰ সমালোচনা কৰে ৰংহাঙে৷ 

একেদৰে সভাত ৰংহাঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বিধায়ক ড° ৰংপিয়ে ভাষণ প্ৰসংগত ৰাজনৈতিক ক্ষেত্ৰখনত ৰংহাঙক এগৰাকী বিজেপিৰ মুখ্য নায়ক বুলি অভিহিত কৰে৷ কাৰণ ৰংহাঙে য’তেই নিৰ্বাচনী প্ৰচাৰ চলায় আহে তাতেই এক সুপ্ৰভাৱ আৰু আশাৰ সঞ্চাৰ বিয়পাবলৈ সক্ষম হয় বুলি তেওঁ মন্তব্য কৰে৷ 'তুলিৰাম ইজ দা লোকেল হিৰো’ বুলি কয় ৰংপিয়ে।  

উল্লেখ্য যে আয়োজিত আজিৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অৰ্ধশতাধিক বিৰোধী ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷

সমান্তৰালকৈ ইফালে আজি ৭ নং কপিলি পৰিষদীয় সমষ্টিৰ পৰা একালৰ বিজেপি নেতা তথা বৰ্তমানৰ নিৰ্দলীয় প্ৰাৰ্থী ধনছিং ক্ৰই উল্লেখিত সমষ্টিটোৰ খেৰণিৰ প্ৰিলো’ত নিৰ্বাচনকেন্দ্ৰীক নিৰ্দলীয় অস্থায়ী কাৰ্য্যালয় এটিৰ দুৱাৰ মুকলি কৰে৷ 

অনুষ্ঠানত উপস্থিত থকা শতাধিক ৰাইজক বিপুল ভোটদানৰ আহ্বান জনায় কয় যে আমি তথা আমাৰ দলে ঢোল বজাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ প্ৰয়োজন নাই৷ আমাৰ দলৰ যোগ্যতা আৰু শক্তি আছে, দলত অসংখ্য নেতা কৰ্মী আৰু সমৰ্থক আছে৷ গতিকে আমি শান্তি-শৃংখলাৰে ৰাইজৰ পদুলিয়ে পদুলিয়ে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হম আৰু সুনিশ্চিতভাৱে জয়ী হব পাৰিম বুলি দাবী তুলে ধনছিং ক্ৰ’ই৷