24
Aug
2017

জাজৰিঃ পঞ্চায়ত নিৰ্বাচনৰ পুৰ্বে নিজ নিজ দলক শক্তিশালি কৰাৰ বাবে উঠি-পৰি লাগিছে ৰাজ্যৰ ৰাজনৈতিক দল সমূহে৷ শাসকীয় বিজেপি দলে ভাতৃ সংগঠন সমূহৰ সমিতি গঠন কৰি থকা দেখা গৈছে৷
বিজেপিৰ কলিয়াবৰ জিলাৰ মজদুৰ মৰ্চাৰ সমিতিখন যোৱা ২২ আগষ্টত অনুমোদন জনায় ৰাজ্যিক বিজেপিয়ে।বিপ্লৱ ভৌমিকক সভাপতি, ভাষ্কৰ ভট্টাচাৰ্য নগেন্দ্ৰ গুপ্তা, জাহাংগিৰ হুছেইন আৰু দিলিপ হাজৰিকাক উপ-সভাপতি, বকুল বৰুৱা সাধাৰন সম্পাদক হিচাপেলৈ সমিতি খন গঠন কৰা হয়।
কলিয়াবৰ জিলাৰ অন্তৰ্গত বটদ্ৰৱা, ধিং টাউন, ময়ৰাবাৰী, দলংঘাট, বাজিয়া, লাওখোৱা, জুৰীয়া, পূৱকলিয়াবৰ, পশ্চিম কলিয়াবৰ, ৰূপহী আৰু আলিটাঙনী বিজেপি মজদুৰ মৰ্চাৰ মণ্ডল সভাপতি সকলকো নিৰ্বাচিত কৰা হয়৷