09
Aug
2017

জাজৰিঃ বিজেপি জ্যেষ্ঠ নেতা, বিশিষ্ট ব্যৱসায়ী পদ্মকান্ত বৰাৰ মঙলবাৰে নিশা উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫১বছৰ।
এগৰাকী সৰবৰহী ব্যক্তি আৰু ব্যৱসায়ী হিচাবে অঞ্চলটোত সু-নাম থকা বৰাৰ বিয়োগত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক আকাশদ্বীপ ডেকা, দলংঘাট মণ্ডল বিজেপিৰ সভাপতি যজ্ঞেশ্বৰ বৰা, জাজৰি প্ৰেছ ক্লাৱ আদি বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।
মৃত্যুৰ সময়ত পত্নী, ৩ জন পুত্র আৰু বহু আত্মীয়ক এৰি থৈ যায় বৰাই।