ডিফুঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী মতে, বকলীয়াঘাটৰ ৰূকাছেন কলেজৰ সমীপত এ এছ ০১ এডি ৭৫৬৭ নম্বৰৰ এখন তীব্ৰবেগী ৱেগনআৰ গাড়ীয়ে পথৰ কাষত থকা এজোপা গছত খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় গাড়ীৰ ভিতৰত থকা কাৰ্বি আংলং জিলা বিজেপিৰ প্ৰাক্তন উপ সভাপতি পদ্ম মাইবংছা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় অৱসৰপ্ৰাপ্ত বনবিষয়া ৰঞ্জন বৰুৱা আৰু ডি এন সোণোৱাল।

দুয়োজনকে বকলীয়াঘাটৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অতি সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

বিজেপিৰ শীৰ্ষ নেতাসহ বন বিষয়া দুগৰাকীয়ে পশ্চিম কাৰ্বি আংলঙত সলিল সমাধি ঘটা তুলিৰাম ৰংহাঙৰ ভতিজাৰ মৃত্যুৰ খবৰ লৈ উভতি আহি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ নেতাজনৰ মৃত্যুত বিজেপি দলৰ সমৰ্থক আৰু কৰ্মীসকলৰ লগতে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে ৷