
অভয়াপুৰীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে৷ ইতিমধ্যে দলৰ ৰাজ্যিক নেতা-কৰ্মীৰ লগতে তৃণমুল পৰ্যায়ৰ কৰ্মীসকলে সভা সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷
শাসকীয় দল বিজেপিয়ে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বেজবৰুৱা ভৱনত মঙলবাৰে এখন কৰ্মী সভা অনুষ্ঠিত কৰে৷ বঙাইগাঁও জিলা বিজেপিৰ সভাপতি সুখেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে ৰাজ্যিক সম্পাদক সাংগঠনিক ফনীন্দ্ৰনাথ শৰ্মা৷
প্ৰায় দুই শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা খনত গোলকগঞ্জৰ বিজেপিৰ বিধায়ক অশ্বিনী কুমাৰ ৰায়ৰ লগতে দলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাি অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সমাগত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত ব্লক সমিতিয়ে সিদ্ধান্ত লব বুলি কয়৷
ৰাজ্যিক সমিতিয়ে কোনোধৰণৰ হস্তক্ষেপ নকৰে বুলি নিশ্চিত কৰাৰ লগতে ২০২১ চনত হ’বলগীয়া বিধান সভাৰ নিৰ্বাচনত দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিত বিজেপি দলে দলীয় প্ৰাৰ্থী দিয়াটো নিশ্চিত বুলি ৰঞ্জিত দাস সংবাদ মাধ্যমত প্ৰকাশ কৰে। যোৱা বিধান সভা নিৰ্বাচনত সমষ্টিটোত মিত্ৰজোঁট অগপক এৰি দিছিল বিজেপিয়ে।