উৰিয়ামঘাটঃ পঞ্চায়ক নিৰ্বাচনলৈ মৈজত মাথো কেইটামান বাকী থকা অৱস্থাত ৰাজ্যৰ ৰাজনৈতিক দল সমূহে ভোটাৰক আকৰ্ষিত কৰিবলৈ উঠিপৰি লাগিছে৷ প্ৰতিটো ৰাজনৈতিক দলে পুণৰ ৰাইজৰ ওচৰ চাপিছে৷ আকৌ আৰম্ভ কৰিব প্ৰতিশ্ৰুতি দিয়াৰ আখৰা৷

শাসকীয় বিজেপি, অগপ আৰু বিৰোধি কংগ্ৰেছ কোনেও পিছ পৰি থকা নাই৷ তাকৰ লগে লগে পিছ পৰি থকা নাই ৰৈজৈতিক দল সমূহৰ ভাতৃ সংগঠন সমূহেও৷ শনিবাৰে শাসকীয় বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৰুপথাৰ মণ্ডল সমিতিৰ উদ্যোগত সৰুপথাৰত ৰাজহুৱা ভৱনত এখন "বুথ সন্মিলন" অনুষ্ঠিত হৈ যায়।

যুৱ মৰ্চাৰ সৰুপথাৰ মণ্ডল সমিতিৰ সভাপতি জ্যোতিৰঞ্জন বৰাৰ সভাপতিত্ব অনুষ্ঠিত সন্মিলনত গোলাঘাট জিলা যুৱ মৰ্চাৰ সভাপতি দেৱজিৎ বৰা অাৰু জিলাৰ নেতা নন্দ কিশোৰ গোস্বামী, দ্বিপ বৰবৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচন অাৰু যুৱ মৰ্চাৰ সাংগঠনিক ভেটি সু-দৃঢ় কৰাৰ বাবে আহ্বন জনায়৷ সন্মিলনত শতাধিক লোকে বিজেপিত অানুষ্ঠানিক ভাৱে যোগদান কৰে।