05
Aug
2017

চৰাইদেউঃ চৰাইদেউ জিলাৰ অভয়পুৰ প্ৰেক্ষাগৃহত ভাৰতীয় যুৱ-মৰ্চাৰ "সতীৰ্থ সন্মিলন" সভা শনিবাৰে অনুষ্ঠিত হৈ যায়।
সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ উপস্থিতিত সতীৰ্থ সন্মিলন সন্মিলন সভাত ডেৰ শতাধিক যুৱকে বিজেপিত যোগদান কৰে।
অধিকাংশ যুৱক যুৱ কংগ্ৰেছীৰ বুলি জানিবলৈ দিয়ে বিজেপিৰ কৰ্মকৰ্ত্তাই। সভাত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য অনুপ সিং ৰাজপুৰোহিত, কাজল দে’ আৰু ৰাজ্যিক যুৱ-মৰ্চাৰ উপ-সভাপতি ময়ূৰ বুঢ়াগোহাঁই উপস্থিত থাকে।