
নলবাৰীঃ আজি নলবাৰীৰ চটাইবাৰীত যুৱ নেতা মৃদুল কলিতাৰ সভাপতিত্বত এখন বিজেপিৰ সভা অনুষ্ঠিত হয়। যুৱ নেতা চন্দন ডেকা আৰু ডিম্বেশ্বৰ বেজবৰুৱাই আঁত ধৰা সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, কেইবাজনো নেতা-নেত্ৰী সহ সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে।
সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই কয় যে- সম্প্ৰতি দেশ-ৰাজ্যত উন্নয়ন বিকাশৰ নৱ সপোন দেখি ভাৰতীয় জনতা পাৰ্টীৰ ফালে ধাৱমান হৈছে সচেতন ৰাইজ। এনে কথাই প্ৰমাণ কৰে দেশৰ নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ জনপ্ৰিয়তা। নলবাৰী সমষ্টিত আমিও বিধায়ক হোৱাৰ পিছৰ পৰাই সমষ্টিৰ প্ৰতিটো সমস্যাৰ সমাধানৰ চেষ্টা কৰিছো আৰু এই ক্ষেত্ৰত ৰাইজেও আমাক আদৰি লৈছে। আগন্তুক সময়টো চেষ্টা কৰি যাম উন্নয়ন বিকাশৰ বাবে বুলিও বিধায়ক শৰ্মাই দোহাৰে৷
সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ভাষণ ৰাখি কয় যে- বিজেপিয়ে সকলোৰে সম মৰ্যদাৰে উন্নয়ন বিচাৰে। যাৰ ফলত বৰ্তমানে সচেতন ৰাইজ বিজেপি মুখী হৈছে। তেওঁ ভাষণ প্ৰসংগত কয়- আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে। এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ।
যত আছে গঞা ৰাইজৰ উন্নয়ন-বিকাশৰ দিশ। বিগত কংগ্ৰেছী শাসন কালত গঞা ৰাইজ লৈ অহা ধন এচাম দলীয় নেতা-কৰ্মীয়ে হজম কৰিছে। কিন্তু বিজেপি শাসনত বহাৰ পিছত তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে। ফলত কিছু পৰিমাণে ৰাইজে উন্নয়নৰ মুখ দেখিছে।
সেইবাবে আগন্তুক পঞ্চায়ত নিৰ্বাচনত সৰ্বস্তৰৰ দলীয় কৰ্মীয়ে এতিয়াৰ পৰা সাজু হওক। যাতে বিজেপিৰ শাসনেৰে পঞ্চায়ত সমূহৰ গঞা ৰাইজৰ সপোন পূৰন কৰিব পৰা যায়।