newsnextone.com| খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ ৰং-কাৰ্বিত বৃহস্পতিবাৰে বিজেপিয়ে এখন বিশেষ সভা অনুষ্ঠিত কৰে৷ সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্য মঙ্গলছিং তিমুং, কাৰ্বি পৰিষদৰ বিভাগীয় প্ৰাক্তন বৰ্ড অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰণ, কৃষ্ণ প্ৰসাদ শৰ্মা, দিলীপ হাঞ্চে, ৰঞ্জিত টেৰণ, যৎচন টেৰণ, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা কাৱন ইংতিপি, গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ বিদ্যাছিং তিচ্ছ, অধ্যক্ষ চাৰছিং ফাংছৰ লগতে বিজেপি নেতা আৰচং ৰংহাং, বীৰেন তিচ্ছ', পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে', পিটৰ তিমুং উপস্থিত থাকে৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ এ এছ ডি চিৰ ৪৮, কংগ্ৰেছৰ ১২ আৰু অগপৰ এজন সহ ৬১ জনে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাত উপিস্থিত থকা পুৰুষ-মহিলাক উদ্দেশ্যি পৰিষদীয় সদস্য মংগলছিং তিমুঙে কয় যে ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপি মানেই হৈছে একতাৰ ডোল। বিজেপিত যোগদান মানেই একেটা পৰিয়ালৰ সসদ্য অথবা এক দলৰ কৰ্মী হৈ পৰা। বিজেপিৰ কৰ্মী বা বিজেপিত যোগদান কৰি আমি একতাৰ ডোলেৰে বান্ধ খাই শক্তিশালী ৰূপত থিয় দি কৰ্ম আৰু উন্নয়নমুখী হোৱাৰ সংকল্প লৈছো। 

বিজেপিত আগত আৰু পিছত যোগদান কৰাৰ মাজত কোনো পাৰ্থক্য নাই। আমি সকলোৱে দল আৰু চৰকাৰৰ লগত একেলগে মিলিজুলি আমাৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য আগবঢ়ায় তিমুঙে। চহৰ সমিতিৰ নিৰ্বাচন সন্দৰ্ভত মত ব্যক্ত কৰি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণে হামৰেন চহৰ সমিতি নিৰ্বাচনত ৰাইজে বিজেপিৰ জয় নিশ্চিত কৰিব লাগিব বুলি কয়৷ 

বিজেপিৰ জয়েহে পূর্বতকৈও হামৰেনক অধিক উন্নয়ন আৰু বিকাশ সাধন কৰাৰ বাবে বিজেপিক অধিক আগ্ৰহী কৰি তুলিব বুলি কয়।