
নলবাৰীঃ ৰাজ্যত এতিয়া উন্নয়ণ আৰু বিকাশৰ জোৱাৰ৷ বিশ্বাসঘাটক কংগ্ৰেছক বিদায় দি পৰিবৰ্তন বিচাৰি বিজেপি মিত্ৰ জোটঁক আকোৱালি লোৱাৰ বাবেই এই উন্নয়ণ সম্ভ হৈছে৷ চৌদিশে পৰিবৰ্তনৰ বতাহ বলিছে। দলীয় সতীৰ্থই তথা সাংসদ আৰ পি শৰ্মাই নিতৌ বিদ্ৰোহ ঘোষণা কৰাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে শনিবাৰে নলবাৰীত উপস্থিত হৈ ৰাজ্যত এতিয়া উন্নয়ণ হোৱা বুলি দাবী কৰে৷
সভাপতি ৰঞ্জিত কুমাৰ দাসে নলবাৰীৰ টিহু হাটখলাত বিজেপিৰ এখন বিশাল কৰ্মী সভাত অংশ লৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত সৰ্বস্তৰৰ ৰাইজে একক ভাবে বিজেপিক সমৰ্থন কৰক বুলি আহ্বান জনায়। বিগত সময়ত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন পাতিছিল ঠিকে। নিৰ্বাচন কংগ্ৰেছীৰ উন্নয়ন, বিকাশৰ বাবেহে, ৰাইজৰ বাবে নহয়। ইয়াৰ প্ৰমাণ কংগ্ৰেছী পঞ্চায়ত সমূহত হোৱা সীমাহীন দূৰ্নীতি-অনিয়ম।
চৰকাৰৰ সহযোগী দলেৰেপ্ৰযোজনা হলে অৰ্থাৎ কংগ্ৰেছক সম্পূৰ্ণ বিদায় দিয়াৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা হ’ব পাৰে। টিহু মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত সন্মিলনত সভাপতিত্ব কৰে পবন চন্দ্ৰ কলিতাই। ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা অসম কৃষি বিপনী পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱা, বজালী জিলা সমিতিৰ সভাপতি ফণি পাঠক, টিহু জিলা পৰিষদৰ সদস্য জৌতিষ শৰ্মাই ভাষন আগবঢ়ায়।
সন্মিলনত দলটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই বিজেপি দল আদৰ্শগত আৰু নৱ সপোন দেখা দল বুলি কৈ বিজেপিৰ নেতৃত্বৰ মিত্ৰ জোঁটৰ চৰকাৰে নিৰ্বাচনৰ পুৰ্বে দিয়া প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰাৰ চেষ্টা কৰিছে বুলি কয়। বিগত কংগ্ৰেছী শাসন কালত ৰাইজে উন্নয়ণ দেখিব পোৱা নাছিল। বৰ্তমান নাই কোনো ভ্ৰষ্টাচাৰৰ চানেকি। আছে সকলোৰে সম মৰ্যদাৰ চানেকি বুলিও তেওঁ দোহাৰে।