
তেজপুৰ টাউন/ৰঙিয়া/মৰিয়নিঃ দেশত ইতিহাস সৃষ্টি কৰি জনগণে দেশ চলোৱাৰ বাবে দায়িত্ব দিয়া শাসকীয় দলে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে৷ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে নহয় কেশৰ শাসকে বিৰোধীৰ বিৰুদ্ধে অনশনত বহি এক নতুন ৰেকৰ্ড গঢ়িলে৷ ৰাষ্ট্ৰপতিয়ে দেশৰ চৰকাৰ সুস্থ ভাবে চলিব নিদিলে হয়তো প্ৰতিবাদ কৰাৰ কৰাৰ থল আছিল যদিও বিৰোধীয়ে সদন চলাব নিদিয়াৰ অভিযোগত প্ৰতিবাদত বহে শাসকীয় দল৷
বৃহস্পতিবাৰে সমগ্ৰ দেশতে গণতন্ত্ৰ ৰক্ষাৰ দাবীত ৰাজনীতিৰ শত্ৰু কংগ্ৰেছৰ বিৰুদ্ধে শাসকীয় বিজেপিয়ে অনশনত বহে৷ কংগ্ৰেছমুক্ত ভাৰত গঢ়াৰ শ্ল’গান দিয়া কংগ্ৰেছ দলেই এতিয়া শাসকীয় দলক একপ্ৰকাৰ বহিবলৈ বাধ্য কৰালে নেকি বুলি ছচিয়েল মিডিয়াত কৌতুক কৰিবলৈ আৰম্ভ কৰিছে একাংশ লোকে৷
কংগ্ৰেছ দলৰ বিৰুদ্ধে নে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি নিৰ্বাচনৰ পূৰ্বে জনতাৰ ওচৰ আহিবলৈ পুনৰ বাট মুকলি কৰিব খুজিছে বুলি শাসকীয় দল বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷
কৰ্ণাটকৰ ধৰৱাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ‘ধৰ্ণা’ত বহে৷ অমিত শ্বাহক সংগ দিয়ে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই৷ কংগ্ৰেছৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা আৰু বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷
বিৰোধী তথা কংগ্ৰেছ দলৰ বিৰুদ্ধে লোকতন্ত্ৰ ৰক্ষা কৰাৰ দাবীত সমগ্ৰ দেশৰ লগতে অসমতো কেন্দ্ৰ-ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে অনশনত বহে৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক বিজেপিয়ে বিৰোধীয়ে সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰি অনশনৰ কাৰ্যসূচী পালন কৰে শাসকীয় দলটোৱে৷ উজনি-নামনি-বৰাক উপত্যকাৰ লগতে গুৱাহাটী মহানগৰীতো বিজেপিয়ে অনশন কাৰ্যসূচী পালন কৰে৷
গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত শতাধিক বিজেপিৰ নেতা-কৰ্মীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশনত বহে৷ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সদন চলিব নিদিয়াৰ লগতে ৰাইজৰ সমস্যাসমূহ আলোচনা কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে কংগ্ৰেছে বিভেদৰ ৰাজনীতিৰে দেশৰ জনসাধৰণক ভাগ ভাগ কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে নেত্ৰীগৰাকীয়ে৷
তেজপুৰৰ সাংসদ আৰ পি শৰ্মা আৰু বিধায়ক উৎপল বৰাই অনশনত বহে তেজপুৰ সংসদীয় সমষ্টিত তেজপুৰৰ সাংসদগৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে বিভেদৰ ৰাজনীতি কৰা বুলি কয়৷ নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে নেতা-কৰ্মীৰ সৈতে অনশনত বহে৷ ৰাজে গোহাঁইয়ে কংগ্ৰেছে উন্নয়নত বাধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে৷
লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই চাবুৱাত প্ৰতিবাদ বহে৷ কেইবাশতাধিক নেতা-কৰ্মীৰ উপস্থিতিত অনশনত বহে বৰুৱাই৷ মঙলদৈ সাংসদ ৰমেন ডেকাই ৰঙিয়াত, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলীয়ে নিজ নিজ সমষ্টিত অনশনত বহে৷
উল্লেখ্য যে, সমগ্ৰ দেশতে বিজেপিৰ প্ৰতিগৰাকী মন্ত্ৰী, সাংসদ, নেতা-কৰ্মীয়ে নিজ নিজ সমষ্টিত বিৰোধীৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা, বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি অনশনত বহে কংগ্ৰেছৰ বিৰুদ্ধে৷
২৩ দিন সদন বাৰে বাৰে স্থগিত ৰাখিব লগা হৈছিল৷ অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদ, পঞ্জাৱ নেচ’নেল বেংক কেলেংকাৰী, কাবেৰী, এছটি-এছচি আইন দুৰ্বল কৰাৰ দৰে বিষয়ক লৈ বিৰোধীয়ে তীব্ৰ হৈ-হাল্লা কৰি অহাত সদন স্থগিত ৰাখিব লগা হয়৷
কংগ্ৰেছৰ আচৰণৰ বাবে সংসদীয় ব্যৱস্থা নিম্ন স্তৰলৈ আহিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰি বিৰোধীৰ সাংসদৰ বাবে সদনৰ গতি ৰোধ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডী, সভাপতি শ্বাহে সাংসদ, বিধায়ক, নেতা-কৰ্মী প্ৰতিবাদ সাব্যস্ত কৰে সমগ্ৰ দেশজুৰি। বিৰোধীয়ে দুয়ো খন সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰি শাসকীয় দলটোৰ সাংসদসকলে ২৩ দিনৰ দৰমহা নোলোৱাৰো সিদ্ধান্ত লয়৷
NNO ৰঙিয়াঃ ৰঙিয়াটো বিজেপিৰ নেতা-কৰ্মীয়ে অনশন কাৰ্যসূচী ৰূপায়ন কৰে। উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বিৰদত্ত ভৱনৰ সন্মুখত দিনৰ দহ বজাৰ পৰা আবেলি চাৰি বজালৈ অনশন কাৰ্যসূচী ৰূপায়ন কৰি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়া নগৰ মণ্ডল সমিতি, ৰঙিয়া ব্লক মণ্ডল সমিতি, বিজেপি ৰঙিয়া মহিলা মৰ্চাৰ সদস্যই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।
কাৰ্যসূচীত সাংসদ ৰমেন ডেকা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা উপস্থিত থকাৰ লগতে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ফণী শৰ্মা, উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ৰমেশ ডেকা, সম্পাদক চুৱল পাল, ৰঙিয়া ব্লক মণ্ডলৰ সভাপতি শিশিৰ ভাগৱতী, উপ-সভাপতি সনিন কলিতা, ৰঙিয়া নগৰ মণ্ডলৰ সভাপতি দ্বীপেন চক্ৰবৰ্তী, ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য, উত্তৰ কামৰূপ যুৱ-মৰ্চাৰ সভাপতি মনোজ কলিতা, ৰঙিয়া মহিলা মৰ্চাৰ সম্পাদিকা চিপ্ৰা দাস, মহিলা মৰ্চাৰ অঞ্জু বেগম, এলিজা ইয়াছমিন উপস্থিত থাকে।
NNO তেজপুৰ টাউনঃ তেজপুৰৰ বালিপৰাতো বিজেপিৰ অনশন কাৰ্যসূচী পালন কৰে। ৰাজ্যৰ শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ নেতৃত্বত অনশনত বহে বিজেপিৰ নেতা-কৰ্মীয়ে। বিৰোধীয়ে দুয়ো খন সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰি জনসাধাৰণৰ সমস্যাৰ কথা আলোচনাত হেঙাৰ হৈ থিয় দিয়া বুলি কয় বিজেপি নেতা-কৰ্মীয়ে৷ সদন পৰিচালনা প্ৰক্ৰিয়াক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ বালিপৰাত বালিপৰা-ৰঙাপৰা মণ্ডল বিজেপিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
NNO মৰিয়নিঃ ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা উদ্যোগত বিৰোধীয়ে বাজেট অধিৱেশন বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন কৰি গণতন্ত্ৰ ৰক্ষাৰ বাবে অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷