
জাজৰিঃ আগন্তক পঞ্চায়তৰ বাবে সাজু হৈছে গেৰুৱা দলটো৷ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই গেৰুৱা দলটো ৰাজ্যৰ চুকে কোণে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে৷ বৃহস্পতিবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিতো বিজেপি দলটোৰ তৃণমুল কৰ্মী সকলে এখন সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলায়৷
শান্তিপুৰ ৰাসমন্দিৰ প্ৰাংগনত কলিয়াবৰ জিলা বিজেপিৰ মজদুৰ মৰ্চাৰ নৱ নিৰ্বাচিত কলিয়াবৰ জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয়৷ সভাত তৃণমূল কৰ্মীসকলক ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ, প্ৰচাৰ আৰু প্ৰসাৰ কৰি পৰবৰ্তী সময়ত দুৰ্নীতিমূক্ত দেশ গঢ়াত সহায় কৰিবলৈ আহ্বান জনায় কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু ৰাজ্যিক বিজেপিৰ মজদুৰ মৰ্চাৰ সভাপতি প্ৰাণ কুমাৰ দাসে।
কলিয়াবৰ জিলা বিজেপি মজদুৰ মৰ্চাৰ সভাপতি বিপ্লৱ ভৌমিকৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক পদ্ম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰে৷ ৰাজ্যিক মজদুৰ মৰ্চাৰ উপসভাপতি ৰাজকুমাৰ চেতীয়া, কলিয়াবৰ জিলাৰ উপ সভাপতি ৰানা বৰা, দলংঘাট মণ্ডল বিজেপিৰ সভাপতি যজ্ঞেশ্বৰ বৰা, উদ্যোক্তা দলংঘাট মণ্ডল মজদুৰ মৰ্চাৰ সভাপতি তপন শইকীয়াই সভাত বক্তব্য ৰাখে৷ কাৰ্যনিৰ্বাহক সভাখনত কলিয়াবৰ জিলাৰ অন্তৰ্গত পাঁচটা বিধানসভা সমষ্টিৰ আটাইকেইটা মণ্ডলৰে বিষয়ববীয়া, সদস্য উপস্থিত থাকে।