16
Mar
2019

গুৱাহাটীঃ অসমৰ অতি পুৰণি বিজেপি কৰ্মী তথা তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই দলৰপৰা পদত্যাগ কৰিছে।
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তেওঁৰ নাম প্ৰাৰ্থিত্বৰ বাবে দলে বিবেচনা নকৰাৰ বাবেই ক্ষোভিত তথা লজ্জিত হৈ তেওঁ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।
এই কথা সাংসদজনে ছ'চিয়েল মিডিয়াযোগে শনিবাৰ প্ৰকাশ কৰিছে।
শৰ্মাৰ দখলত থকা তেজপুৰ সমষ্টিত এইবাৰ বহু প্ৰতাপী নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দিতা আগবঢ়াব।