
খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৮নং হামৰেণ পৰিষদীয় সমষ্টিৰ হামৰেণ বহুমুখী সমবায় সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ১২ জনীয়া সদস্যৰে গঠন হ’ববলগীয়া পৰিচালনা সমিতি খৰ নিৰ্বাচনত ১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰে। সমবায় সমিতিখনত ৩৭৭ গৰাকী অংশীদাৰৰ ভিতৰত মুঠ ৩১৬ গৰাকী ভোটাৰে নিৰ্বাচনত ভোটদান কৰে৷
নিৰ্বাচনত ১৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১২ গৰাকী প্ৰাৰ্থী বিজেপি সমৰ্থিত৷ নিৰ্বাচনত ১২ জনকৈ বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰে।
হাৰছিং পাটৰে ২২৭ টা ভোট, জয়ছিং ইংতিয়ে ২২০ টা ভোট, ৰলেন তিছ’ই ২১৫ টা ভোট, ধনছিং টেৰনে ২১৪ টা ভোট, বিমল ৰংহাঙে ২১০ টা ভোট, গুণাৰাম ৰংহাঙে ২০৮ টা ভোট, ৰংবং তিছ আৰু খৰছিং ক্ৰয়ে ২০৭ টা ভোট আৰু কেশৱ টেৰনে ২০২ টাকৈ ভোট লাভ কৰে।
মহিলা সংৰক্ষিত আসনত শাতী টেৰনপিয়ে ২৩৬ টা ভোট লাভ কৰাৰ লগতে মেৰী টেৰনপিয়ে ২২৪ টা লাভ কৰি জয়লাভ কৰে৷ অনুসূচীত জনজাতিৰ সংৰক্ষিত আসনতো বিজেপি সমৰ্থিত প্ৰাৰ্থী চনছিং দেৰা ২১৩ টা ভোট লাভ কৰি বিজয় হয়৷
আজি ফলাফল ঘোষণাৰ পাছতে বিজয়ী প্ৰাৰ্থীসকলক বিজেপি নেতা তথা কাৰ্বি পৰিষদৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্য মংগলছিং তিমুং, কৃষি বিভাগৰ প্ৰাক্তন অধ্যক্ষ বিদ্যাছিং টেৰন, প্ৰাক্তন সংখ্যালঘুৰ বৰ্ড অধ্যক্ষ ৰঞ্জিৎ টেৰন, ছাৰমেন ফাংছ, আৰছন ৰংহাং আদিয়ে বিজয়া প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনায়।
বিজেপি নেতা তথা কাৰ্যবাহী সদস্য ৰূপছিং টেৰন আৰু পৰিষদীয় সদস্য মংগলছিং তিমুঙে সমবায়খনক চাউল, দালি আৰু কেৰাচিন বিতৰনৰ সমান্তৰালকৈ আন আন বৃত্তিমুলক আৰু উপাৰ্জনমুখী কামো কৰি যাবৰ বাবে পৰামৰ্শ আগবঢ়ায়৷