ৰঙিয়াঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে বিজেপিয়ে৷ বিজেপিয়ে মিত্ৰ জোঁটৰ সংগী অগপক এৰি বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ বাবে ককালত টঙালি বান্ধিছে৷ দলটোৰ ভাতৃ-ভগ্নী সংগঠন সমূহৰ বিভিন্ন জিলা তথা মণ্ডল সমিতিসমূহ গঠনৰ বাবে উঠিপৰি লাগিছে নেতা-কৰ্মীসকল৷ দলটোৰ ভাতৃ সংগঠন যুৱ-মৰ্চাৰ উত্তৰ কাপৰূপ জিলা সমিতি নতুনকৈ গঠন কৰা হয়৷

বুধবাৰে ৰঙিয়াত নৱ নিৰ্বাচিত সভাপতি মনোজ কুমাৰ কলিতাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত ৰাজ্যিক যুৱ-মৰ্চাৰ উপ-সভাপতি চিন্ময় শৰ্মা, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ৰমেশ ডেকা, বিজেপিৰ জ্যেষ্ঠ নেতা অক্ষয় সিং লহকৰ, ডঃ খনিন্দ্ৰ কলিতা, সুবল পাল, জিতেন্দ্ৰ পাটোৱাৰী, দীপেন চক্ৰৱৰ্তী, মনোজ কুমাৰ কলিতা আদি উপস্থিত থাকে৷ সভাত উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজো, কমলপুৰ, ৰঙিয়া, ৰঙিয়া টাউন, গোৰেশ্বৰ, বিহদিয়া যুৱ-মৰ্চাৰ ছয়টা মণ্ডলৰ প্ৰতিনিধি উপস্থিত থাকে৷

আনহাতে উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক ঋষভ ৰঞ্জন দাসে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যুৱ-মৰ্চাক শক্তিশালী কৰাৰ লগতে ‘every booth 30 youth’ৰ লক্ষ্য পূৰণৰ বাবে প্ৰত্যেকটো বুথ সমিতিৰ পৰা ৩০গৰাকীকৈ যুৱক-যুৱতীক লৈ যুৱ-মৰ্চাৰ বুথ সমিতি গঠন কৰাৰ সিন্ধান্ত লয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ জনসাধাৰণৰ আশা পূৰণৰ বাবে চৰকাৰে হাতত লোৱা আঁচনিসমূহ ঘৰে ঘৰে লৈ যাব লাগিব বুলি মন্তব্য আগবঢ়ায় ঋষভ ৰঞ্জন দাসে৷

বিজেপি নেতৃত্বাধীন ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে ৰাইজৰ কল্যাণৰ বাবে হাতত লোৱা আঁচনি সমূহ ৰাইজৰ ওচৰলৈ নিবৰ বাবে আহ্বান জনায় উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি মনোজ কুমাৰ কলিতাই৷ পঞ্চায়ত নিৰ্বাচনত যুৱ-মৰ্চাৰ প্ৰতিনিধিক প্ৰাৰ্থীত্ব দিবৰ বাবেও আহ্বান জনায় বিজেপি দলক৷

আনহাতে কামৰূপ আৰু বাক্সা জিলাত থকা ব্যক্তিগত খণ্ডৰ কোম্পানী সমুহত থলুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয়৷  অবৈধ সুৰা, জুৱা, তীৰ আদি বন্ধ কৰাৰ বাবে প্ৰশাসনক দাবী জনায় যুৱ মৰ্চাই৷

বিটিএডি অঞ্চলত একাংশ লোক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থকা বুলি অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত যুৱ-মৰ্চাই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাক বহিব বুলিও জানিব পৰা গৈছে৷ মিত্ৰ জোঁটৰ অংশীদাৰী দল বিপিএপে শাসন কৰি থকা বিটিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে বিজেপিৰ ভাতৃ সংগঠনে বিটিএডিত একাংশ লোক চৰকাৰী আঁচনিৰ পৰা বাদ পৰি ৰোৱা বুলি উত্থাপিত অভিযোগক বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কেনেদৰে মুখামুখি হয় সেয়া লক্ষ্যণীয় হ’ব৷