
উত্তৰ শালমাৰাঃ ২০০৮ চনৰ ৮ আগষ্ট ৷ সময় দুপৰীয়া ১২ বাজি ১০ মিনিট ৷ পূৰ্ণোদ্যমে চলি আছিল অভয়াপুৰীৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰাণকেন্দ্ৰস্বৰূপ অভয়াপুৰী মহাবিদ্যালয়ৰ পাঠদান ৷ হঠাৎ ৩০-৩৫ খন মটৰ চাইকেলত প্ৰায় ৬০-৭০জন দুৰ্বৃত্ত আহি অতৰ্কিতে আক্ৰমণ চলায় মহাবিদ্যালয়খনত৷ এফালৰ পৰা ভাঙি যায় মহাবিদ্যালয়ৰ আচবাব তথা দুৱাৰ খিৰিকী ৷ মুহূৰ্ততে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় মহাবিদ্যালয়খনত৷
আকস্মিক ঘটনাত আতংকিত হৈ ছাত্ৰ-ছাত্ৰীসকলে যেনিয়ে-তেনিয়ে পলাবলৈ ধৰে ৷ দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণক বাধা দিবলৈ গৈ গুৰুতৰভাৱে আহত হয় সেই সময়ৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক জিতুমণি ৰায় ৷ আহত হয় আন কেবাজনো ছাত্ৰ ৷ কেৱল আচবাব ভঙাতে শান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে ছাত্ৰী জিৰণী কোঠাত প্ৰৱেশ কৰি ছাত্ৰীৰ গাতো হাত দিয়ে৷ এই ঘটনাৰ পিছত প্ৰায় এমাহ অচলাৱস্থা চলিছিল মহাবিদ্যালয়খনত৷
ছাত্ৰ একতা সভাৰ নেতৃত্বত দুৰ্বৃত্তক কৰায়ত্তৰ দাবীত অভয়াপুৰীৰ বিভিন্ন সংগঠনৰ সহযোগত হৈছিল বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী৷ আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ আশ্বাস দিয়াত মহাবিদ্যালয়লৈ পুনৰ ঘূৰি আহিছিল স্বাভাৱিক অৱস্থা ৷ কিন্তু আৰক্ষীয়ে মাত্ৰ এজন অপৰাধীক কৰায়ত্ত কৰিয়েই যেন সকলো দায়িত্ব সামৰিলে৷ আজিলৈকে কৰায়ত্ত নহ’ল বাকী দুৰ্বৃত্তসকল ৷ আনকি ছাত্ৰ একতা সভাই নাম উল্লেখ কৰাৰ পিচতো নল’লে একো ব্যৱস্থা ৷
অভিযোগ উঠিছিল সেইসময়ৰ কংগ্ৰেছ দলৰ এজন প্ৰভাৱশালী নেতাৰ লগত মহাবিদ্যালয়খনৰ তদানীন্তন অধ্যক্ষই মিতিৰালি পাতি দুৰ্বৃত্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ৷ সেই ঘটনাৰ পিছতে প্ৰতিবছৰে ৮ আগষ্টৰ দিনটো ছাত্ৰ একতা সভাই পালন কৰি আহিছে “ক’লা দিৱস” হিচাপে ৷ মহাবিদ্যালয় পৰিয়ালৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে “ক’লা বেজ” পৰিধান কৰি ঘটনাটোৰ প্ৰতিবাদ জনাই আহিছে ৷
কিন্তু অতি দূৰ্ভাগ্যজনক ঘটনা যে এই বছৰ মহাবিদ্যালয় সাধাৰণ সম্পাদক কণজ্যোতি ৰায়ে পালন নকৰিলে “ক’লা দিৱস” ৷ দায়িত্বহীনতাৰ বাবে এনে হৈছে বুলি মন্তব্য কৰিছে বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে ৷ অৱশেষত “ক’লা দিৱস” আয়োজন নকৰা বিষয়টো সকলোৰে অৱগত হোৱাত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মনোজ কুমাক বৰুৱা আৰু ভৱজিৎ ৰায়ৰ নেতৃত্বত পালন কৰা হয় “ক’লা দিৱস”৷
ক’লা বেজ পৰিধানেৰে প্ৰতিবাদ জনোৱা হয় অভয়াপুৰী মহাবিদ্যালয় ইতিহাসৰ অভিশপ্ত ২০০৮ চনৰ ৮ আগষ্টক ৷ পুনৰ এনে ঘটনা নোহোৱাৰ কামনা কৰে সকলোৱে ৷ ইফালে দায়িত্ব-জ্ঞানহীন সাধাৰণ সম্পাদক কণজ্যোতি ৰায়ৰ কাৰ্যত ক্ষুব্ধ হৈ পৰিছে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷
মহাবিদ্যালয় সপ্তাহত বিভিন্ন খামখেয়ালিৰ অভিযোগত অভিযুক্ত ছাত্ৰ নেতাজনৰ পদত্যাগ দাবী কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ “ক’লা দিৱস” উদযাপন নকৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মনোজ কুমাৰ বৰুৱা, ভৱজিৎ ৰায়, জয়দেৱ ৰায় আৰু ভাস্কৰজিৎ ৰায়ে ৷