08
Nov
2017

দিচাংমুখঃ দেশৰ বিভিন্ন প্ৰান্তত বিমুদ্ৰাকৰণৰ বিৰোধীতা কৰি বিৰোধী দল সমুহে উদযাপিত কৰে ক’লা দিৱস৷ অসমৰো কেইবাঠাইত উদযাপিত হয় ক’লা দিৱস৷ শিৱসাগৰতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় অঞ্জন দত্তৰ পুত্ৰী অংকিতা দত্তই শিৱসাগৰ চহৰৰ মাজমজিয়াত কংগ্ৰেছ কৰ্মী সকলৰ লগত একতৃত্ব হৈ কলা দিৱস পালন কৰে।
অংকিতায় লগতে কথা প্ৰসংগত কয় যে বিমুদ্ৰাকৰণ হোৱাৰ পাছত দেশত সন্ত্ৰাসবাদে প্ৰায় ৩৩% বৃদ্ধি পালে আৰু তাৰ সম্পুৰ্ণ তথ্য কংগ্ৰেছৰ লগত আছে বুলি জনায়। কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টি থকাৰ বাবে দেশত বাস কৰা লোক সকলে ২৮% কৰ দিয়া বাধ্যতামূলক কৰি তুলিলে আৰু আজিও দেশত বাস কৰা লোক সকলে আদায় দি আছে বুলি দুখ মনেৰে কয় অংকিতাই৷
অঞ্জন পুত্ৰীয়ে সচেতন মহলক অনুৰোধ জনাই যাতে আগন্তুক নিৰ্বাচনত চৰকাৰ পৰিৱৰ্তন কৰে আৰু কংগ্ৰেছক আকৌ দেশৰ সেৱা কৰিবলৈ সুবিধা দিয়ে৷