গুৱাহাটীঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ গুনগত মান উন্নত কৰাৰ বাবে ইফালে যদি ৰাজ্য চৰকাৰে গুণোৎসৱ অনুষ্ঠিত কৰিছে, আনফালে আকৌ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহত কঠোৰ নীতি নিয়ম বান্ধি দি পৰ্যবসিত কৰিছে কাৰাগাৰলৈ৷ চৰকাৰী শিক্ষা খণ্ডসমূহৰ চৰম ব্যৰ্থতাৰ পাছত ছাত্ৰী-ছাত্ৰীক এক উপযুক্ত ভৱিষ্যত প্ৰদান কৰাৰ স্বাৰ্থত গঢ়ি উঠে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহ৷ 

কিন্তু চৰকাৰী শিক্ষা ব্যৱস্থা পৰিচালনাত ব্যৰ্থ হোৱা শিক্ষা বিভাগে এতিয়া নিজৰ দোষ ঢাকিবলৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সনূহতহে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চলৰকাৰে বেচৰকাৰী শিক্ষানুষ্ঠান সমূহলৈ প্ৰেৰণ কৰা কঠোৰ নীতি নিৰ্দেশনাই এতিয়া শ’লঠেকত পেলাইছে ব্যক্তিগত খণ্ডৰ শিক্ষাকেন্দ্ৰ সমূহক৷

তদুপৰি  শিক্ষা বিভাগে প্ৰতিদিনে নতুন নতুনকৈ প্ৰৱৰ্তন কৰা কঠোৰ নীতি নিৰ্দেশনাৰ ফলত সংকুচিত হৈ পৰিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহ৷ চৰকাৰী নীতি নিৰ্দেশনা পালন কৰিব গৈ দৈনিক ন ন সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী সকল৷ যাৰ ফলত অনতি পলমে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ যোৱাৰ আশংকাত ভূগিছে শিক্ষক-শিক্ষয়িত্ৰীসকল৷

শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ভাৱে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তেওঁলোকক এক মসৃন ভবিষ্যতলৈ আগবঢ়াই দিয়া ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ ওপৰত শিক্ষা বিভাগে এক প্ৰকাৰ নীতিগতভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষক-শিক্ষয়িত্ৰী৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বেচৰকাৰী বিদ্যালয় সমুহৰ প্ৰতি গ্ৰহণ কৰা বিভিন্ন ধৰণৰ অতি কঠোৰ নীতি নিয়মৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে অসমৰ বেচৰকাৰী বিদ্যালয় সমূহেও ‘‘ব্যক্তিগত বিদ্যালয় সমন্বয়ৰক্ষী সমিতি অসম’’ৰ আহ্বানত আজিৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰে৷ 

উল্লেখযোগ্য যে, নেচনেল ইণ্ডিপেণ্ডেণ্ট স্কুল এছোচিয়েচন (NISA)ৰ উদ্যোগত সমগ্ৰ ভাৰতবৰ্ষতেই বেচৰকাৰী বিদ্যালয় সমূহে আজিৰ দিনতো ক'লা দিৱস হিচাপে পালন কৰিছে।

বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলে আজি হাত ক'লা ফিটা বান্ধি নিজৰ কাম-কাজ কৰে আৰু বিদ্যালয় প্ৰাংগনত ক'লা পতাকা ব্যৱহাৰ কৰি চৰকাৰী কঠোৰ নীতি নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷