
বেতবাৰীঃ মুখত ক'লা কাপোৰ বান্ধি স্বাধীনতা দিৱস বৰ্জন টাই আহোম যুৱ পৰিষদে। বানৰ তাণ্ডৱৰ মাজতে ৰাজ্যৰ বিভিন্ন ঠাইত উলহ-মালহেৰে ৭১ সংখ্যাক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে কেইবাশতাধিক যুৱকে মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিলে শিৱসাগৰ জিলাত।
জিলাখনত বিশ্ববিদ্যালয় স্থাপন, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, মাইনিং স্কুলকে ধৰি উচ্চশিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা, শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰাৰ লগতে সংৰক্ষণ কৰা, শিৱসাগৰ জিলাত তেল শোধনাগাৰ, এল পি জি বটলিং প্লান্ট আৰু আমগুৰি তাপ বিদ্যুৎ প্ৰকল্পকে ধৰি বিভিন্ন গুৰু উদ্যোগ স্থাপন কৰা, শিৱসাগৰ জিলাত এটা বিমান বন্দৰ স্থাপন কৰা, যাতায়ত আৰু পথ পৰিবহণ ব্যৱস্থা উন্নতি সাধন কৰাৰ দাবীত টাই আহোম যুৱ পৰিষদ এই প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটোৱে শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত স্বাধীনতা দিৱস বৰ্জন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।