
গৰৈমাৰীঃ বান গ’ল৷ অভাৱত জুৰুলা কৰি, দুখীয়াক সৰ্বশ্ৰান্ত কৰি বছৰৰ দ্বিতিয়টো বানৰ বিভিষীকাও লাহে লাহে মাৰ গ’ল৷ কিন্তু শেষ নহ’ল একাংশ দৰিদ্ৰৰ কৰুণ কাহিনী৷ অনাহাৰ, অনিদ্ৰা, সংশয়ৰ মাজত এতিয়াও ৰাজ্যৰ চুকে কোনে হাজাৰ পৰিয়ালে জীয়াই থকাৰ কচৰৎ কৰিছে৷
কামৰূপ জিলাৰ দক্ষিণ গৰৈমাৰীৰ হাতীপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মেৰগাণ্ডা গাঁৱত এতিয়া অনাহাৰে দিন কটাইছে একেখন ঘৰৰ চাৰিজন সদস্যই৷ আৰান আলী নামৰ ৬০ বছৰীয়া ব্যক্তিজন জন্মগত ভাবে অন্ধ৷ বিধিৰ বিধানত বন্দী আৰানে বৈবাহিক জীৱনত তিনিজনকৈ পুত্ৰ সন্তানৰ মুখ দেখে যদিও তিনিওটা সন্তান অন্ধ হয়৷ স্কুলীয়া শিক্ষা আৰু খেতি-মাটি নথকা আৰান আলীয়ে লোকৰ ঘৰত ভিক্ষা মাগিয়ে তিনিটাকৈ সন্তান পোহপাল দি আহিছে৷ অভাৱত থাকিলেও দুবেলা দুমুঠি খাই সুখতেই আছিল আৰান আলীৰ পৰিয়াল৷
কিন্তু বিধাতাই আৰান আলীৰ সুখ সহ্য নকৰিলে৷ বানে গৰকা গৰৈমাৰীত আন বহুতো পৰিয়ালৰ দৰে মৰহি গ’ল আৰান আলীৰ পৰিয়ালৰো সুখৰ হাঁহি৷ দুৰ্ভাগ্যই চানি ধৰা অভাৱী মানুহবোৰকে বা ভিক্ষা খোজে কেনেকৈ৷ ক’ৰ পৰা বা দিব মানুহবোৰে তেওঁলোকক৷ নিজৰে দুবেলা দুমুঠি খাবলৈ নোজোৰা পৰিস্থিতি সৰ্বত্ৰে৷ চৰকাৰী সাহায্যই ঢুকি নপোৱা অঞ্চলটোত ক্ৰমশঃ বাঢ়িছে ভোকাতূুৰৰ কিলবিলনি৷ সেয়ে উপায়হীন হৈ এতিয়া নিজৰ জৰাজীৰ্ণ ঘৰটোতে বন্দী হৈ থকিব লগীয়া হৈছে পৰিয়ালৰ চাৰিওজন অন্ধ সদস্য৷
সহায়ৰ হাত আগবঢ়াই দিবলৈ কাষত উপস্থিত নাই কোনো ব্যক্তি অথবা চৰকাৰ৷ বানৰ কবলত পৰি এতিয়া পৰিয়ালটোৰ দুজন সদস্যই বেমাৰত ভুগিছে৷ কিন্তু চিকিৎসা কৰিবলৈ হাতত ধন নাই আৰান আলীৰ৷
অন্ধ পৰিয়ালটোৰ এতিয়া নিৰূপায় অৱস্থা৷ কিন্তু কোনে বুজি পাব আৰান আলীৰ দৰে দুৰ্ভগীয়াৰ বুকুৰ ব্যথা৷ চৰকাৰী আঁচনি সমূহে ঢুকি নপোৱা আৰান আলীৰ দৰে মানুহ খিনিক প্ৰয়োজন মাথো এখন সহায়ৰ হাতৰ৷ অলপ জীয়াই থকাৰ বাবে প্ৰেৰণাৰ৷