কামপুৰঃ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি পৰিৰ্বতনৰ শ্ল’গান দিয়া চৰকাৰখনে দৃষ্টিহীন লোকসকলক বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ নগাঁৱৰ কামপুৰত এখন সংবাদ মেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে দৃষ্টিহীন উন্নয়ন পৰিষদে।

সংগঠনটোৰ ৰাজ্যিক সভাপতি পংকজ কুমাৰ নাথ আৰু সম্পাদক খগেন শইকীয়া উপস্থিত থকা সংবাদ মেলখনত দৃষ্টিহীন সকলৰ উন্নয়নৰ বাবে চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰে।

দৃষ্টিহীনৰ শিক্ষাৰ উন্নয়নৰ বাবে বেইল পদ্ধতিৰে শিক্ষা লোৱাৰ বাবে এখন মহাবিদ্যালয় স্থাপন কৰা, দৃষ্টিহীন লোকৰ বাবে উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা, দৃষ্টিহীনৰ বাবে বি এড আৰু ডি এল কলেজ স্থাপনৰ দাবী জনায়।

তাৰোপৰি দৃষ্টিহীনক নিৱনুৱা ভাট্ৰা প্ৰদান কৰা, দুখীয়া নিৱনুৱা দৃষ্টিহীনক এএৱাই কাৰ্ড দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় সংগঠনটোৱে।

ইফালে চৰকাৰক এই দাবী সমূহ বাৰে বাৰে কৈ অহাৰ পিছতো চৰকাৰখনে বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ আনিছে সদৌ অসম দৃষ্টিহীন উন্নয়ন পৰিষদে।